হাতত ঝাড়ু লৈ বস্তি চফা কৰিলে প্ৰিয়ংকা গান্ধীয়ে! মুখ্যমন্ত্ৰী যোগীয়ে ক’লে ‘তেওঁ ঝাড়ু দিয়াৰে যোগ্য’

0
269
প্ৰিয়ংকা গান্ধী
হাতত ঝাড়ু লৈ বস্তি চফা কৰিলে প্ৰিয়ংকা গান্ধীয়ে! মুখ্যমন্ত্ৰী যোগীয়ে ক’লে 'তেওঁ ঝাড়ু দিয়াৰে যোগ্য'

ডিজিটেল ডেস্কঃ নতুন ৰূপত দেখা গ’ল কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ ৰাজপুত্ৰী প্ৰিয়ংকা গান্ধীক৷ সাধাৰণ মহিলাৰ দৰে হাতত ঝাড়ু লৈ চাফাই অভিযান চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ লক্ষ্ণৌৰ ইন্দিৰা নগৰত লাভকুশ বাল্মীকি বস্তিত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে বহু লোকৰ ঘৰে ঘৰে গৈ লগ কৰাৰ লগতে বস্তিত ঝাড়ু দিয়া দেখিবলৈ পোৱা গ’ল৷

দলিতসকলৰ বাল্মীকি বস্তিত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে কেইবাটাও ঘৰলৈ গৈ পৰিয়ালৰ লোকসকলক লগ কৰে আৰু বিশেষকৈ মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰিয়ংকা গান্ধীয়ে চলোৱা এই চাফাই কাৰ্যক উপহাস কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ”ৰাইজে প্ৰিয়ংকা গান্ধীক ঝাড়ু দিয়াৰে যোগ্য কৰি ৰাখিছে৷”

মুখ্যমন্ত্ৰী যোগীৰ এই মন্তব্যৰ প্ৰত্যু্ত্তৰ দি প্ৰিয়ংকা গান্ধীয়ে কয় ”ঝাড়ু দিয়াটো কোনো বেয়া কথা নহয়৷ দেশৰ হাজাৰ হাজাৰ মহিলাই ঝাড়ু দিয়ে বাবেহে পৰিষ্কাৰ-পৰিচ্ছনতা বৰ্তি আছে। বিজেপিৰ মনত দলিত চিন্তাধাৰা আছে বাবে মুখ্যমন্ত্ৰী যোগীয়ে এনে মন্তব্য কৰিছে।”