spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকপ্ৰজেক্ট হিউমেনিটীৰ ‘এসাঁজ ভাত’ পদপথৰ লোকলৈ!

প্ৰজেক্ট হিউমেনিটীৰ ‘এসাঁজ ভাত’ পদপথৰ লোকলৈ!

গুৱাহাটী: ‘মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া’- সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এই গীতটিয়ে প্ৰত্যেকগৰাকী নৱ-প্ৰজন্মই সদায়ে অনুপ্ৰাণিত কৰি আহিছে৷ এক নতুনত্ব তথা সমাজত ক্ষুদ্ৰমান সহায়ৰ লক্ষ্যৰে গঢ় লৈ উঠা ‘প্ৰজেক্ট হিউমেনিটী’-এ এইবাৰ পদপথৰ লোকসকলক প্ৰদান কৰে খাদ্য৷

প্ৰজেক্ট হিউমেনিটী

সোমবাৰে মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সমীপত ৫০গৰাকী পদপথৰ লোকক দুপৰীয়াৰ আহাৰ প্ৰদান কৰে৷ কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীৰ সহায়ত গঢ় লোৱা প্ৰজেক্ট হিউমেনিটী-এ পূৰ্বেও এনে কাৰ্য সম্পাদন কৰি আহিছে৷ ক’ভিডসৃষ্ট পৰিৱেশত আৰ্থিকভাৱে দুৰ্বল লোকসকলে বিশেষকৈ খাদ্যৰ তীব্ৰ সংকটত ভুগিছিল৷

প্ৰজেক্ট হিউমেনিটী

সেই সময়তে প্ৰাণ পাই উঠা প্ৰজেক্ট হিউমেনিটীয়ে এই লোকসকলক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াইছিল৷ ‘মিলাপ’ ফাণ্ডৰেইজাৰৰ সহায়ত সংগ্ৰহ কৰা পুঁজিৰে তেওঁলোকে আগবঢ়াই এই সহায়৷

প্ৰজেক্ট হিউমেনিটী

পৰৱৰ্তী সময়ত গ্ৰাম্য অঞ্চলত শিশু তথা যুৱচামক অনুপ্ৰাণিত তথা বিকাশৰ লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালাৰো অনুষ্ঠিত কৰিছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular