spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকবকোৰ সোণতলীত উত্তাল প্ৰতিবাদ

বকোৰ সোণতলীত উত্তাল প্ৰতিবাদ

ডিজিটেল ডেস্ক : বকোৰ সোণতলীত উত্তাল প্ৰতিবাদ! সোণতলীৰ বদলাপথাৰ গাঁৱৰ এজন লোকক বিদেশী ন্যায়াধীকৰণৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। স্বদেশী পিতৃ-মাতৃৰ ঔৰসজাত সন্তানক বিদেশী সজাই বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰিলে ডিটেনচন কেম্পলৈ। সোণতলীৰ বদলাপথাৰ গাঁৱৰ সমেজ আলী নামৰ ব্যক্তিজনৰ সৈতে সংঘটিত হয় এনে ঘটনা।

উল্লেখ্য যে,  ২০০৪ চনত লোকজনে গুৱাহাটীত কাম কৰিবলৈ যোৱাত বিদেশী ন্যায়াধীকৰণে সোধা-পোছা কৰাৰ বাবে আটক কৰি এৰি দিছিল সোণতলীত। হঠাৎ তেওঁৰ নামত ২০১৫ চনত ৰুজু হৈছিল এক গোচৰ। উক্ত গোচৰৰ ভিত্তিত ২০২২ চনৰ ৫ জানুৱাৰীত উপস্থিত হৈছিল ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আৰু তাৰ পৰাই তেওঁক প্ৰেৰণ কৰে ডিটেনচন কেম্পলৈ।

লগে লগে হুৱাদুৱা লাগে পৰিয়াল তথা গাঁওবাসীৰ মাজত। কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোকসকলো। এক অভাৱনীয় পৰিৱেশৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰে গাঁওবাসীৰ মনত। বৈধ নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ থকাৰ পাছতো কিহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে আটক কৰিলে ব্যক্তিজনক।

লোকজনৰ পিতৃৰ নামত আছে ১৯৫১ চনৰ এনআৰচি ১৯৬৬ চনৰ ভোটাৰ তালিকাত আছে নাম সন্নিৱিষ্ট। লোকজনে ১৯৯৭ চনৰে পৰা সাব্যস্ত কৰি আছে ভোটদান। তেওঁৰ নামত আছে ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড আদি কৰি সম্পূৰ্ণ ভাৰতীয় নথি-পত্ৰ। কাৰ ষড়যন্ত্ৰৰ বলি  হ’বলগীয়া হ’ল ব্যক্তিজন?  সেয়েহে উক্ত লোকজনক বিনাচৰ্তে মুক্তিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular