spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকপূজাত উখল-মাখল বৰষাৰ ঘৰ, শহুৰৰ ঘৰৰ পূজাৰ আলহী হৈ উগুল-থুগুল মন ন-জোঁৱাই...

পূজাত উখল-মাখল বৰষাৰ ঘৰ, শহুৰৰ ঘৰৰ পূজাৰ আলহী হৈ উগুল-থুগুল মন ন-জোঁৱাই ভাস্কৰৰ

মুছফিক হুছেইন : সকলো দুৰ্যোগ-দুৰ্ভাৱনাৰ কথা পাহৰি ৰাজ্যবাসীয়ে এতিয়া পালন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। আজি অষ্টমী পূজাৰ দিনা দেৱী বন্দনাৰে মুখৰিত হৈ উঠে ৰাজ্যৰ চৌদিশ। শংখ, দবা, ঘণ্টা, আয়তীৰ নাম-উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মহিষমৰ্দিনীৰ পূজা-অৰ্চনাত ব্যস্ত ভক্তপ্ৰাণ ৰাইজ। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে পূৰ্বৰ দৰে প্ৰস্তুতি আড়ম্বৰপূৰ্ণ নহ’লেও ভক্তি-অঞ্জলিৰে দেৱীৰ চৰণত অতি আগ্ৰহেৰে সেৱা জনাইছে ভক্তপ্ৰাণ ৰাইজে। দুৰ্গোৎসৱৰ ইমানবোৰ আয়োজনৰ মাজতো গুৱাহাটীৰ এখন পূজাস্থলী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই পূজাভাগ আয়োজন কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই

অভিনেত্ৰীগৰাকীৰ পূৰ্বপুৰুষসকলে অৰ্থাৎ আজো ককাকৰ দিনৰে পৰা অবিৰতভাৱে এই দুৰ্গা পূজা ভাগৰ আয়োজন কৰি অহা হৈছে। ৯৬ বছৰ অতিক্ৰম কৰা মহানগৰীৰ এই পূজাখনে বহন কৰি আহিছে বিশেষ তাৎপৰ্ষ। উল্লেখ্য যে, পূজাখন প্ৰথমে অভিনেত্ৰীগৰাকীৰ আজো ককা স্বৰ্গীয় বৰদাকান্ত বিষয়াই আৰম্ভ কৰিছিল ঘট পূজাৰে। তাৰ পাছত তেওঁৰ ককাক খেৰদাকান্ত বিষয়াই প্ৰতিমা আকাৰত পূজা আয়োজন কৰিলে। পূজাখন তাহানিৰ দিনৰে পৰা বৰ্তমানলৈকে অনুষ্ঠিত হৈ আহিছে অভিনেত্ৰীগৰাকীৰ গুৱাহাটীৰ উজানবজাৰত থকা পুৰণি বাসভৱনত।


অভিনেত্ৰীগৰাকীৰ ককাক খেৰদাকান্ত বিষয়াই দেৱ-দেৱীৰ, দুৰ্গামাৰ বাহন সিংহ লগতে অসূৰলৈকে সকলোৰে বাবে নিগাজীকৈ সোণৰ আ-অলংকাৰ গঢ়ি থৈ গৈছে। তদুপৰি দুৰ্গা দেৱীৰ সাজ-পোছাকৰ লগতে আনুষংগিক সকলো সামগ্ৰী কলিকতাৰ কুমাৰতোলীৰ পৰা আনিছিল তেওঁৰ পূৰ্ব-পুৰুষসকলে আৰু বৰ্তমানলৈকে সেই পৰম্পৰা অব্যাহত আছে। পূৰ্বৰ পৰাম্পৰা অব্যাহত ৰাখি এইবাৰো বৰষাৰাণী বিষয়াৰ বাসগৃহত আয়োজন কৰিছে এই পূজাভাগ। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে এইবাৰ জাক-জমকতাৰ পৰিৱৰ্তে কেৱল আধ্যত্মিকতাৰ দিশটোক গুৰুত্ব দি আয়োজন কৰা এই পূজাভাগে তাহানিৰ পৰাই চৰ্চা লাভ কৰিছে।


তদুপৰি এইবাৰৰ পূজাখন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাবেও বিশেষ হৈ পৰিছে কিয়নো অভিনেত্ৰীগৰাকীৰ জীৱনলৈ অহা বহুতো ঘাত-প্ৰতিঘাত দুৰ্গা মাৰ আৰ্শীবাদৰ বাবে দূৰ হ’ল বুলি তেওঁ বিশ্বাস কৰে। এইবাৰ এই পূজাৰ আছে এগৰাকী বিশেষ অতিথি। তেওঁ আন কোনো নহয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱা। সদ্য বিবাহিত ভাস্কৰ-বৰষাৰ প্ৰেম আৰু বিবাহৰ কাহিনীয়ে বিগত সময়ছোৱাত ব্যাপক চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। হাস্যমুখৰ ভাস্কৰ বৰুৱাই এইবাৰ তেওঁৰ ন শহুৰৰ ঘৰৰ পূজাত বিশেষ আলহী হৈ ভাগ লৈছে। সদায় থকাৰ দৰে পত্নী বৰষাৰ কাষে-কাষে থাকি পূজাৰ তদাকৰ কৰিছে ভাস্কৰ বৰুৱাই। শহুৰৰ ঘৰৰ ঐতিহ্যমণ্ডিত পূজাখনত প্ৰথমবাৰ আলহী হৈ যেন উগুল-থুগুল হৈ পৰিছে ন-জোঁৱাই ভাস্কৰৰ মন। বৰষা ৰাণী বিষয়াৰ জীৱনলৈ ৰঙৰ আকৰ লৈ অহা ভাস্কৰ বৰুৱাৰ উপস্থিতিয়ে যেন এইবাৰ উজান বজাৰৰ এই পূজাথলী অধিক উজলাই তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular