Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজকেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ

নতুন দিল্লী: কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কৰ্মদিনত কাৰ্যালয়ত উপস্থিত থাকিবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ দেশত সক্ৰিয় ক’ভিড-১৯ সংক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস হোৱাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে।

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?

অৱশ্যে, কণ্টেইনমেণ্ট জ’নত বাস কৰা সকলো বিষয়া আৰু কৰ্মচাৰীক তেওঁলোকৰ কণ্টেইনমেণ্ট শেষ নোহোৱালৈকে কাৰ্যালয়লৈ অহাৰপৰা ৰেহাই দিয়া হ’ব। এতিয়ালৈকে, মাৰ্চত আৰোপ কৰা কৰ’না ভাইৰাছ প্ৰতিবন্ধকতাৰ বাবে অধ:সচিব আৰু তাৰ ওপৰৰ স্তৰৰ বিষয়াসকলহে কেৱল কাৰ্যালয়ত উপস্থিত আছিল।

আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

কেন্দ্ৰই মে’ মাহত উপ-সচিবৰ স্তৰৰ তলৰ ৫০ শতাংশ কৰ্মচাৰীক তেওঁলোকৰ কাৰ্যালয়ৰপৰা কাম কৰিবলৈ কৈছিল আৰু বিভিন্ন টাইম স্লট ৰূপায়ণ কৰা হেছিল৷ বিষয়া-কৰ্মচাৰীসকলে বিভাগৰ মূৰব্বীসকলে সিদ্ধান্ত লোৱা অনুসৰি কাৰ্যালয়-কৰ্মস্থানত অত্যধিক ভিৰ পৰিহাৰ কৰিবলৈ নিৰ্ধাৰিত সময় অনুসৰণ কৰিব লাগিব বুলি নিৰ্দেশনাত কোৱা হৈছে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular