spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াঅচল চলচ্চিত্ৰগৃহ, এইবাৰ খেল দেখুৱাব পিভিআৰ-এ!

অচল চলচ্চিত্ৰগৃহ, এইবাৰ খেল দেখুৱাব পিভিআৰ-এ!

ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ পৰাই ক’ভিডসৃষ্ট পৰিৱেশে জুৰুলা কৰিছে দেশৰ অৰ্থনৈতিক, সামাজিক জীৱন। ক’ভিডকালীন লকডাউনত ধ্বংসপ্ৰায় হৈ গৈছে ছবিগৃহবোৰ। বৃহৎ পৰিমাণৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈছে ছবিগৃহৰ মালিকপক্ষ। লাহে লাহে খোল খাইছে যদিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই চলচ্চিত্ৰগৃহ।
দেশৰ মনোৰঞ্জন জগতৰ অন্যতম কোম্পানী পিভিআৰ চিনেমাই এইবাৰ লৈছে অন্য এক পদক্ষেপ। দেশৰ জনসাধাৰণক অন্য এক মনোৰঞ্জনৰ সোৱাদ দিবলৈ সাজু হৈছে পিভিআৰ চিনেমা। দৰ্শকক ক্ৰিকেটৰ আমোদ দিব পিভিআৰ চিনেমাৰ চলচ্চিত্ৰগৃহই। পিভিআৰ চিনেমাই আইচিচি পুৰুষ টি-টুৱেণ্টি ৱৰ্ল্ড কাপ ২০২১ৰ লাইভ মেচ প্ৰদৰ্শন কৰা কথা শুকুৰবাৰে ঘোষণা কৰে পিভিআৰ চিনেমাই।

আইচিচি পুৰুষ টি-টুৱেণ্টি ৱৰ্ল্ড কাপ


উল্লেখ্য যে, ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ ইউএই আৰু ওমানত অনুস্থিত হ’ব টি-টুৱেণ্টি ৱৰ্ল্ড কাপ। আইচিচি পুৰুষ টি-টুৱেণ্টি ৱৰ্ল্ড কাপ ২০২১ৰ ছেমি ফাইনেল আৰু ফাইনেল সহিতে ভাৰতৰ মেচসমুহ প্ৰদৰ্শনৰ বাবে ভাৰতীয় ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচিৰ সৈতে চুক্তিবদ্ধ হোৱা বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় পিভিআৰ-এ।
মেচবোৰ নতুন দিল্লী, মুম্বাই, পুনে, আহমেদাবাদকে আদি কৰি দেশৰ প্ৰায় ৩৫খন চহৰৰ ৭৫তকৈ অধিক চলচ্চিত্ৰগৃহত প্ৰদৰ্শিত হ’ব বুলি পিভিআৰ চিনেমাই জনাইছে। পিভিআৰ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম দত্তই আইচিচিৰ সৈতে হোৱা চুক্তিত যথেষ্ট উৎফুল্লিত হোৱা বুলি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular