spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিককিমান বেগত চলাব পাৰিব গাড়ী ? যান-বাহন চলাচলৰ নতুন নীতি-নিৰ্দেশনা !

কিমান বেগত চলাব পাৰিব গাড়ী ? যান-বাহন চলাচলৰ নতুন নীতি-নিৰ্দেশনা !

গুৱাহাটী : ৰাষ্ট্রীয় বা ৰাজ্যিক ঘাইপথত দ্ৰুতগতিৰ বাবে সঘনে সংঘটিত হয় পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে বিভিন্ন সময়ত গ্ৰহণ কৰিছে পথ সজাগতামূলক ব্যৱস্থা। ইয়াৰ পাছতো ঘাইপথত নিয়ন্ত্ৰণ হোৱা নাই গতিবেগ, পথ দুৰ্ঘটনা। অতি গতি স্বৰ্গগতি নামৰ বৃহত্ বৃহত্ ফলক আঁৰিও সফল হোৱা নাই চৰকাৰ। বিগত সময়ৰ দৰে দ্ৰুতগতিৰ বাবে সংঘটিত হৈয়েই আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। জৰিমনা বিহিও নিয়ন্ত্ৰণ কৰিব পৰা নাই চালকক। সেয়েহে ৰাজ্যৰ বিভিন্ন পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

ৰাজ্যৰ পথসমূহক মুঠ বাৰটা ভাগত ভাগ কৰি লোকনিৰ্মাণ বিভাগে এই সন্দৰ্ভত জাৰি কৰা এক খচৰা অধিসূচনা অনুসৰি ৰাজ্যিক ঘাইপথসমূহত প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰতকৈ অধিক বেগত কোনো যান-বাহন চলাব নোৱাৰিব। অর্থাৎ ৰাজ্যিক ঘাইপথত সর্বোচ্চ গতি হ’ব ৮০ কিলোমিটাৰ। তদুপৰি বিভাগটোৱে চাৰি পথযুক্ত ৰাজ্যিক ঘাইপথৰ বাবেও সর্বোচ্চ গতি নিৰ্ধাৰণ কৰিছে ৮০ কিলোমিটাৰ। ৰাজ্যিক ঘাইপথত ন্যূনতম গতি প্রতি ঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে ২০ কিলোমিটাৰ। অতি ব্যস্ত বজাৰ এলেকাৰ মাজেৰে যোৱা পথত গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ২০ কিলোমিটাৰ। গুৱাহাটীৰ বাবেও লোকনির্মাণ বিভাগে নিৰ্ধাৰণ কৰিছে নির্দিষ্ট গতিবেগ।

প্রতি ঘণ্টাত ৫০ কিঃমিঃকৈ বেছি বেগত যান-বাহন চলোৱাত বাধা

এই অনুসৰি গুৱাহাটীৰ পথ বিভাজক থকা পথসমূহত প্রতি ঘণ্টাত ৫০ কিলোমিটাৰতকৈ বেছি বেগত যান-বাহন চলোৱাত বাধা আৰোপ কৰা হৈছে। অৰ্থাৎ ৫০ কিলোমিটাৰ বেগতহে গুৱাহাটীত যান-বাহন চলাচল কৰিব পাৰিব। আনহাতে পথ বিভাজক নথকা গুৱাহাটীৰ পথসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন নগৰ এলেকাত যান বাহন চলাব লাগিব প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগতহে। এই খচৰা অধিসূচনাখনত দুটা পথযুক্ত পাহাৰীয়া পথত যান-বাহনৰ গতি নিৰ্ধাৰণ কৰা হৈছে প্রতি ঘণ্টাত ৫০ কিলোমিটাৰ।

অৱশ্যে এয়া এক খচৰা অধিসূচনাহে। এই অধিসূচনা সন্দৰ্ভত সংশ্লিষ্ট কর্তৃপক্ষসমূহে লোকনির্মাণ বিভাগক নিজৰ ওজৰ-আপত্তি তথা পৰামৰ্শ আগবঢ়াব পাৰিব। অধিসূচনা জাৰি হোৱাৰ পৰা এমাহৰ ভিতৰত ওজৰ-আপত্তি বা পৰামৰ্শ লিখিতভাৱে অনলাইনযোগে আগবঢ়াব লাগিব লোকনির্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিবক। অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথসমূহতো যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular