প্ৰশ্নকাকত ফাদিল, বাতিল আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা

গুৱাহাটী : বাতিল হ’ল আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা৷ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই আধাতে বাতিল কৰা হ’ল পৰীক্ষা৷ আৰক্ষী উপ-পৰিদৰ্শকৰ ৫৯৭টা পদৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত হৈছিল এই পৰীক্ষা৷ কিন্তু পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত ফাদিল হ’ল প্ৰশ্নকাকত৷

আৰু পঢ়িব পাৰিব:অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অভিনেত্ৰীৰ

প্ৰশ্নকাকত ফাদিলৰ পাছতে আধাতে বাতিল কৰা হয় এই পৰীক্ষা৷ এই ঘটনাৰ পাছতে বিব্ৰত হৈ পৰিছে চৰকাৰ। আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীৰ বাছনি পৰীক্ষাতেই এনে বেমেজালি সৃষ্টি হোৱাটো অতি দৃষ্টিকটু হৈ পৰিছে।

আৰু পঢ়িব পাৰিব:‘কৃষকৰ মৃত্যু পৰোৱানা’ : ৰাজ্যসভাত কৃষি বিধেয়ক উত্থাপন

এই অবাঞ্চিত ঘটনাৰ পাছতে লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানক নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে কঠোৰ নিৰ্দেশ৷ এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES