spot_img
18 C
Guwahati
18 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeব্ৰেকিং নিউজবিত্তীয় অনিয়মৰ অভিযোগ সঁচা নেকি? পুনৰ ন্যায়ালয়ত ‘ৰাফেল’

বিত্তীয় অনিয়মৰ অভিযোগ সঁচা নেকি? পুনৰ ন্যায়ালয়ত ‘ৰাফেল’

নতুন দিল্লী : দেশৰ প্ৰতিৰক্ষা খণ্ডত নতুনকৈ সংযোজিত হোৱা ৰাফেল বিমানক লৈ বিতৰ্কৰ অৱসান হোনা নাই। নিত্য নতুন বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগে আগুৰি ধৰিছে ভাৰতৰ-ফ্ৰান্সৰ এই প্ৰতিৰক্ষা চুক্তিক। শেহতীয়াকৈ এই বিতৰ্কই পুনৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ’নাত আক্ৰান্ত!

ৰাফেল চুক্তিৰ দুৰ্নীতি বিষয়ক এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব উচ্চতম ন্যায়ালয়ত। দুসপ্তাহৰ পাছত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব সৰ্বোচ্চ ন্যায়ালয়ত। ভাৰতৰ এজন মধ্যভোগীক ফ্ৰান্সৰ সংস্থা ডছাল্টে ১.১নিযুত ইউৰো ভেটি দিয়া বুলি উঠা অভিযোগৰ পাছতে ৰাফেল চুক্তিত হোৱা বিত্তীয় অনিয়মৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে দেশৰ মুখ্য ন্যায়াধীশ।

আৰু পঢ়িব পাৰিব : সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ’নাত

মুখ্য ন্যায়াধীশ এছ এ বোবডেই দুসপ্তাহ পাছত এগৰাকী অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ফ্ৰান্সৰ সংবাদপত্ৰ ‘মিডিয়াপাৰ্ট’-এ এই চুক্তিত হোৱা বিত্তীয় খেলিমেলিৰ তথ্য দাঙি ধৰি দেশখনৰ দুৰ্নীতিবিৰোধী সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাৰ দাবী তুলিছিল।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular