২বজাত ভাৰত পাবহি ৫ যুদ্ধ বিমান ৰাফেল : আম্বালাত ব্যাপক সতৰ্কতা

নতুন দিল্লী : আজি ফ্ৰান্সৰ পৰা ভাৰত পাবহি যুদ্ধবিমান ৰাফেল৷ পাঁচখন ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো দল ২ বজাত আম্বালাৰ বিমানঘাটিত অৱতৰণ কৰিব বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব: এপাৰ্টমেণ্টৰ পৰা জব্দ প্ৰায় ৭৫ লাখ টকা : মহানগৰীত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী

ৰাফেল বিমানৰ আগমনক লৈ হাৰিয়ানাৰ আম্বালাত গ্ৰহণ কৰা হৈছে ব্যাপক সতৰ্কতা৷ বিমানঘাটিৰ সমীপৰ ৪খন গাঁৱত জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ সন্ধিয়া ৫ বজালৈ বন্ধ কৰি দিয়া হৈছে ৰাজপথসমূহ৷ ইয়াৰ উপৰি অৱতৰণৰ সময়ত ফটো তোলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব: “ৰঙানদীপৰীয়াৰ কোনো ক্ষতি হ’ব নোৱাৰে” – নীপকোৰ কৰ্তৃপক্ষক সকীয়নি মুখ্যমন্ত্ৰীৰ

আনহাতে, ঘৰৰ ছাদত জনতাক সমবেত হোৱাতো নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে৷ ভাৰতে ৩৬খন যুঁজাৰু বিমান ক্ৰয় কৰিছিল৷ এই ৰাফেল বিমান পৰিচালনাৰ বাবে পাইলট আৰু আন সহযোগীসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES