ৰাফেল যুদ্ধ বিমানত অসমৰ যুৱকৰ সৃষ্টিশীলতা : দেশজুৰি খ্যাতি লাভ

গুৱাহাটী : বুধবাৰে ফ্ৰান্সৰ পৰা ৰাফেলৰ পাঁচখন যুদ্ধ বিমান ভাৰতত আহি পালে৷ ইয়াৰ পাছতে বিশ্বৰ সামৰিক শক্তিশালী দেশৰ ভিতৰত অন্যতম হৈ পৰিল ভাৰত৷ গৌৰৱৰ বিষয় যে এই ৰাফেল যুদ্ধ বিমানৰ সৈতে অসমৰ এজন যুৱকৰ নাম সন্নিবিষ্ট হৈ পৰিছে।

আৰু পঢ়িব পাৰিব: ২৪ ঘণ্টাত ৫০ হাজাৰৰো অধিক লোকৰ দেহত ধৰা পৰিল ক’ভিড-১৯

চিৰাং জিলাৰ বাসুগাঁৱৰ থ্ৰীডি আৰ্টিষ্ট হিচাপে জনপ্ৰিয় হৈ পৰিল ২২ বছৰীয়া সৌৰভ চৌৰডিয়া। ৰাফেল যুদ্ধ বিমানৰ পাইলটসকলৰ জি-চ্যুটৰ বেজ তৈয়াৰ কৰি সৌৰভে এতিয়া দেশজুৰি খ্যাতি লাভ কৰিছে।

জানিব পৰা মতে, ৰাফেল যুদ্ধ বিমানৰ ১৭ গ’ল্ডেন স্কোৱাড্ৰেনৰ জি-চ্যুটত সংলগ্ন দুটা লগ’ তৈয়াৰ কৰিছে অসমৰ যুৱক সৌৰভে। কম্পিউটাৰ আৰ্ট আৰু একচন চিনেমাৰ প্ৰতি আগ্ৰহী সৌৰভে ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনা-বাহিনীৰ বাবে বিভিন্ন বেজ, নক্সা, লগ’ আদি তৈয়াৰী কামত জড়িত থকাৰ পাছতে ৰাফেল বিমানৰ পাইলটৰ বাবে দুটা বেজ তৈয়াৰ কৰাৰ দায়িত্ব লাভ কৰে।

আৰু পঢ়িব পাৰিব: কৰ’নাতকৈয়ো কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বানে! মৃত্যু ১০৭জনৰ

নয়ডা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক সৌৰভ বৰ্তমান দিল্লীস্থিত এটা ‘থ্ৰীডি গেমিং’ প্ৰতিষ্ঠানত কৰ্মৰত। তেওঁ এজন পাইলট হোৱাৰো সপোন দেখিছিল বুলি সৌৰভে কোৱাৰ লগতে “বায়ু সেনাৰ নিজস্ব প্ৰতীকৰ মান অক্ষুণ্ণ ৰাখিবলৈ আমাক কোৱা হৈছিল। স্কোৱাড্ৰনৰ প্ৰতীক ৰাখি ৰাফেলকো গুৰুত্ব দিব লাগিব” বুলি কৈছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES