spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াপাৰ কৰা ৰঘুনাথ... ইপাৰ নে সিপাৰ; আজি আফগানিস্তানেই শেষ ভৰসা ‘ক্ৰিকেটৰ মহাশক্তি’...

পাৰ কৰা ৰঘুনাথ… ইপাৰ নে সিপাৰ; আজি আফগানিস্তানেই শেষ ভৰসা ‘ক্ৰিকেটৰ মহাশক্তি’ ভাৰতৰ!

ডিজিটেল ডেস্ক : বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন বিশেষজ্ঞই ধাৰণা কৰিছিল যে, এইবাৰো ভাৰতেই টি-২০ বিশ্বকাপৰ মূল দাবীদাৰ। ৰোহিতৰ, ৰাহুল, কোহলীৰ দৰে দুৰ্দান্ত বেটছমেন, বুমৰাহ, ছামী, অশ্বিন, জাদেজাৰ দৰে বলাৰ, পণ্ট, পাণ্ডিয়াৰ দৰে ফিনিছাৰ… ভাৰতৰ গতি ৰোধ কৰা ইমান সহজ নহয়। অনুশীলন মেচতো দুৰ্দান্ত প্ৰদৰ্শন দলৰ। তাতে আকৌ প্ৰথম খেল পাকিস্তানৰ বিৰুদ্ধে। বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰততো নাহাৰেই! গতিকে অগ্ৰগতি ৰোধ কৰিব কোনে? পিছে ভাৰতীয় দলে অনুৰাগীক যে এনেদৰে নিৰাশ কৰিব কোনেও ভবা নাছিল। পৰম্পৰা ধূলিস্যাৎ কৰি পাকিস্তানৰ হাতত ১০ উইকেটত পৰাজয় ভাৰতৰ। তাৰ পাছত নিউজিলেণ্ডৰ হাততো ধৰাশায়ী হ’ল ক্ৰিকেটৰ মহাশক্তি বুলি বিবেচিত ভাৰত। বাকী থাকিল তিনিখন খেল।

আফগানিস্তান, নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে। বিশ্ব ক্ৰিকেটৰ এই শিশু দলকেইটাৰ ভিতৰত আফগানিস্তান আৰু স্কটলেণ্ডৰ লগত জয়ী হ’ল ভাৰত। বাকী থকা নামিবিয়াৰ সৈতে খেলখনতো জয়ী হোৱাৰ সম্ভাৱনা আছে। কিন্তু তথাপি তেওঁলোকৰ সন্মুখৰ পথ ৰুদ্ধ। এই গ্ৰুপটোৰ শীৰ্ষস্থানত থকা পাকিস্তানে এখনো খেলত এতিয়ালৈ পৰাজিত হোৱা নাই। নিউজিলেণ্ডে হাৰিছে এখনত। তাৰ বিপৰীতে ভাৰত দুখনত পৰাজিত হৈছে। এনে পৰিস্থিতিত ভাৰতক সন্মুখৰ লৌহ কপাট খুলি দিয়াৰ শক্তি আছে কেৱল আফগানিস্তানৰ। আজি আফগানিস্তানে যদিহে নিউজিলেণ্ডক পৰাজিত কৰে তেন্তে ৰাণ ৰেটৰ আধাৰত ভাৰতে ছেমি ফাইনেললৈ বাট বুলাৰ সম্ভাৱনা আছে। আৰু যদিহে আজিৰ খেলত আফগানিস্তান পৰাজিত হয় তেন্তে ভাৰতে মন্দ মনেৰে উভতিব লাগিব বিশ্বকাপ অভিযান সামৰি। এতিয়া আফগানিস্তানৰ ওচৰত ভাৰতৰ অৱ্স্থা ‘পাৰ কৰা ৰঘুনাথ… এ ভৱ সংসাৰ…’ৰ লেখীয়া হৈছে।

ভাৰতৰ দৰে দল এটাই বিশ্বকাপত সন্মানজনক স্থিতি এটালৈ যাবলৈ আফগানিস্তান বা স্কটলেণ্ডৰ দৰে দলৰ মুখলৈ চাবলগীয়া হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। কিন্তু এতিয়ানো উপায় কি! সেয়েহে সকলোৱে এতিয়া নিউজিলেণ্ড আৰু আফগানিস্তানৰ খেলখনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে। এই খেলখনৰ গুৰুত্ব তথা খেলখনক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত থকা উৎকণ্ঠাৰ কথা প্ৰকাশ কৰি ভাৰতৰ কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও কৈছে যে, দেওবাৰৰ ছুপাৰ ১২মেচখন এই বিশ্বকাপৰ আটাইতকৈ দৰ্শনীয় আৰু অনুৰাগীক উৎকণ্ঠিত কৰি ৰখা মেচ হ’ব।

ভাৰতৰ বাবে এই খেলৰ গুৰুত্ব আটাইতকৈ বেছি যদিও আন ক্ৰিকেট অনুৰাগীয়েও বিশ্বকাপৰ খেলসমূহৰ উত্তেজনা আৰু আলোড়নৰ স্বাৰ্থতে ভাৰত এই প্ৰতিযোগিতাত টিকি থকাটো বিচাৰিব। আফগানিস্তান জয়ী হ’লেই এটা নতুন টুইষ্ট আহিব বিশ্বকাপৰ মহাসমৰলৈ। গাভাস্কাৰে যদিও নিউজিলেণ্ডৰ জয়ৰ সম্ভাৱনা অধিক বুলিয়েই মন্তব্য কৰিছে তথাপি এই ক্ৰিকেটীয় ব্যকৰণ মতে যিকোনো অঘটনৰ সম্ভাৱনাক তেওঁ অস্বীকাৰ কৰা নাই। এই খেলখনত আফগানিস্তানৰ হেৰুৱাবলগীয়া একো নাই। কিন্তু পৰাজয়ৰ শংকাই নিউজিলেণ্ডক নিশ্চয় চাপত ৰাখিব। ইয়াৰ সুযোগ যদি আফগানিস্তানে সদ্ব্যৱহাৰ কৰিব পাৰে তেন্তে ভাৰতৰেই কপাল ফুলিব। সেয়েহে আজি ভাৰতীয় অনুৰাগীসকলে আফগানিস্তানৰ ওচৰত শৰণ লৈ যেন আওৰাইছে, ‘পাৰ কৰা আফগান বিশ্বকাপৰ মহা জঞ্জাল…’।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular