spot_img
26 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকঘূৰি আহিল যুৱতী: হাৰিয়ানাত কিমান লাখত হৈছিল বিক্ৰী?

ঘূৰি আহিল যুৱতী: হাৰিয়ানাত কিমান লাখত হৈছিল বিক্ৰী?

ৰহাঃ ৰহাৰ আমচৈত উদ্বেগজনক নাৰী সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। ছয় বছৰৰ পাছত নিজগৃহলৈ ঘূৰি আহিছে এগৰাকী ভুক্তভোগী যুৱতী। ছয় বছৰৰ আগতে আমচৈৰ গাৰোগাঁৱৰ এগৰাকী যুৱতীগৰাকীক সংস্থাপনৰ প্ৰলোভন দি হাৰিয়ানাত বিক্ৰী কৰিছিল আমচৈৰ ডালিমবাৰীৰ ৰমা দাস নামৰ এজন নাৰী সৰবৰাহকাৰীয়ে। বিনিময়ত লৈছিল ডেৰ লাখ টকা। ৰমা দাসক এই কামত সহায় কৰিছিল বায়েক খেমাবালা দাসে। যুৱতীগৰাকীৰ অভিযোগ মতে, ছবছৰৰ আগতে ৰমা দাসৰ বায়েক খেমাবালা দাসে গোপনে যুৱতীগৰাকীক জাগীৰোডলৈ লৈ গৈ ভায়েক ৰমা দাসৰ হাতত গটাই দিছিল। জাগীৰোডৰ পৰা ৰমা দাসে ৰে’লেৰে যুৱতীগৰাকীক হাৰিয়ানালৈ লৈ যায়।

যুৱতীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোৱে যুৱতীগৰাকীক বহু বিচাৰ-খোচাৰ কৰিও কোনোধৰণৰ সন্ধান উলিয়াব পৰা নাছিল। হাৰিয়ানা পোৱাৰ পিছদিনাই যুৱতীগৰাকীক এজন লোকৰ সৈতে বিয়া কৰাই দিয়ে আৰু ডেৰলাখ টকা লৈ ৰমা ঘূৰি আহে। যুৱতীগৰাকী এই বিয়াত মান্তি হোৱা নাছিল যদিও অসহায় অৱস্থাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। পাছত যুৱতীগৰাকী মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰৰ বলি হৈছিল। অৱশেষত হাৰিয়ানাৰে একাংশ লোকৰ সহায়ত যুৱতীগৰাকী পলাই আহিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে আমচৈ আৰক্ষী চকীত ৰমা দাস আৰু বায়েক খেমাবালা দাসৰ বিৰুদ্ধে গোচৰ দিয়াত মঙলবাৰে নিশা আৰক্ষীয়ে ৰমা দাসৰ বায়েক খেমাবালা দাসক আটক কৰিছে যদিও মূল অভিযুক্ত ৰমা দাস পলাতক হৈ আছে। আৰক্ষীয়ে ৩৭৪ ধাৰাৰ ২৬২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে ৰমা দাসে আৰু বহুকেইগৰাকী যুৱতীক ধনৰ বিনিময়ত হাৰিয়ানাকে ধৰি ভিন্নৰাজ্যলৈ সৰবৰাহ কৰিছে। একাধিক মহিলাক বিয়া পতা ৰমা দাসে শেহতীয়াকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি ৰহাৰ এখন ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। এই নাৰী সৰবৰাহৰ ঘটনাৰ সৈতে অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
20 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular