spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াগাংগুলী-শ্বাহৰ মাষ্টাৰষ্ট্ৰ’ক! দ্য ৱালৰ নেতৃত্বত নতুন চক্ৰবেহুৰ আখৰা...

গাংগুলী-শ্বাহৰ মাষ্টাৰষ্ট্ৰ’ক! দ্য ৱালৰ নেতৃত্বত নতুন চক্ৰবেহুৰ আখৰা…

ডি‌জিটেল ডেস্কঃ উত্‍কন্ঠাৰ অৱসান! দ্য ৱালেই সৰ্বেসৰ্বা। আইপিএলৰ ফাইনেলৰ দিনাই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিশেষ ঘোষণা। ২০২৩ চনলৈ ভাৰতীয় দলৰ প্ৰশিক্ষক পদৰ বাবে সন্মতি জনাইছে ৰাহুল দ্ৰা‌বিড়ে। ডুবাইৰ ৰোমাঞ্চকৰ আইপিএলৰ মাজতে যুগ সন্ধিক্ষণৰ সাক্ষী হৈ ৰ’ল ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। জানিবলৈ পোৱা মতে, আইপিএলৰ ফাইনেল চলাকালীন সময়তে দ্ৰাবিড়ৰ সৈতে আলোচনাত মিলিত হৈছিল বিচিচিআইৰ সচিব জয় শ্বাহ আৰু সভাপতি সৌৰভ গাংগুলীয়ে। উল্লেখ্য যে, দ্ৰাবিড়ে ভাৰতীয় দলৰ মূখ্য প্ৰশিক্ষকৰ পদ গ্ৰহণৰ লগতে পাৰ্শ মামব্ৰে বলিং প্ৰশিক্ষক হ’বলৈ সাজু হৈছে। ৰবি শাস্ত্ৰীৰ স্থানত দ্ৰাবিড়ক নিযুক্ত কৰাতো একপ্ৰকাৰ ঠিৰাং হৈ পৰিছে।

কিন্তু ফিল্ডিং প্ৰশিক্ষকৰ ঠাইত কাক নিয়োগ কৰা হ’ব সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই ব’ৰ্ডে। বৰ্তমান ভাৰতীয় দলটোৰ ফিল্ডিং প্ৰশিক্ষক শ্ৰীধৰৰ বাবেও আহিব পাৰে অনুৰূপ খবৰ। অৱশ্যে, বিগত সময়চোৱাত পৰিষদে প্ৰশিক্ষক নিয়োগক কেন্দ্ৰ কৰি অধিক সক্ৰিয় হোৱা দেখা গলেও পৰিষদে এতিয়ালৈকে প্ৰশিক্ষক নিযুক্তিৰ বাবে জাননী জাৰি কৰা নাই। জানিবলৈ পোৱা মতে, চলিত সপ্তাহতে প্ৰশিক্ষক নিযুক্তিৰ বাবে এখন আনুষ্ঠানিক জাননী জাৰি কৰা হ’ব ব’ৰ্ডৰ তৰফৰ পৰা। বলিং প্ৰশিক্ষক দ্ৰাবিড়কে ধৰি বাকী প্ৰশিক্ষক, কৰ্মচাৰীৰ নিযুক্তি তেতিয়াহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। বেটিং প্ৰশিক্ষক বিক্ৰম ৰাঠৌৰক পদৰ পৰা আঁতৰোৱা হোৱা নাই। বেটিং প্ৰশিক্ষক হিচাপে বিক্ৰম ৰাঠৌৰ ভাৰতীয় দলৰ সৈতে থকাৰে সম্ভাৱনা অধিক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular