spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াপ্ৰশিক্ষণ একেই,দল সলনি হ’লে পৰিৱৰ্তন হ’বই, প্ৰথমবাৰৰ বাবে সাংবাদিকৰে মুখামুখী দ্ৰাবিড়

প্ৰশিক্ষণ একেই,দল সলনি হ’লে পৰিৱৰ্তন হ’বই, প্ৰথমবাৰৰ বাবে সাংবাদিকৰে মুখামুখী দ্ৰাবিড়

নতুন দিল্লীঃ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ মুখামুখি হৈছে ৰাহুল দ্ৰাবিড়। মূখ্য প্ৰশিক্ষকৰ পদবী লাভ কৰাৰ পাছতে আহ্লাদিত, উচ্ছসিত ভাৰতীয় শিবিৰ। ভাৰতীয় দলৰ উত্তৰণৰ বাবে যত্‍পৰোনাস্তি চেষ্টা কৰাৰ অংগীকাৰ ৰাহুল দ্ৰাবিড় ৰ। শেহতীয়াকৈ মূখ্য প্ৰশিক্ষকৰ সৈতে একেখন সভাতে ভাৰতীয় দলৰ কাণ্ডাৰী ৰোহিত শৰ্মাক দেখিবলৈ পোৱা গ’ল। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ভাৰত। উল্লেখ্য যে, দ্ৰাবিড়ে ভাৰত-এ আৰু ১৯-অনুৰ্ধ দলৰ প্ৰশিক্ষক আছিল। এইবাৰ ভাৰতীয় দলৰ দায়িত্বভাৰো তেওঁক অৰ্পন কৰা হৈছে। দ্ৰাবিড়ে কয়, ‘প্ৰশিক্ষণ একে, কিন্তু দল সলনি কৰিলে অলপ পৰিৱৰ্তন হ’বই।

ক্ৰিকেটাৰসকলৰ সৈতে আলাপ-আলোচনাৰ মাজেৰে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে আমি চেষ্টা কৰিম। মই সেইটোৱেই অনুসৰণ কৰোঁ।’ দ্ৰাবিড়ে লগতে কয়, ‘এক প্ৰকাৰৰ ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়া নহ’ব। সন্মুখত টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু টেষ্ট বিশ্ব চেম্পিয়নশ্বিপ। এই তিনিটা ফৰ্মেটত একেটা ক্ৰিকেট দল থাকিব নে সলনি কৰা হ’ব ইয়াৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। ভাল প্ৰদৰ্শন আগবঢ়োৱা ক্ৰিকেটাৰ সকলক সুযোগ দিয়া হ’ব।’ বিগত কেইটামান মাহত নিৰৱচ্ছিন্নভাৱে ভালেকেইখন খেল ভাৰতীয় ক্ৰিকেটাৰসকলে খেলিছে। ক্ৰিকেটাৰসকলৰ ওপৰত যাতে মানসিক চাপ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ফুটবল খেলতো খেলুৱৈসকলে সকলো খেল নেখেলে। মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ থকাতো খুব গুৰুত্বপূৰ্ণ। কাম ভাগ কৰি লোৱাটো দৰকাৰ,ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰতিজন খেলুৱৈ সুস্থ থাকিব লাগিব বুলিও সদৰী কৰে দ্ৰাবিড়ে। স্বাভাৱিকতে ৰাহুল-ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলে নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। প্ৰথমবাৰৰ বাবে সাংবাদিকৰে মুখামুখী হৈ ৰাহুল দ্ৰাবিড়-এ কৰা মন্তব্যই সকলোকে দিছে সাময়‌িক সকাহ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular