spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াঅধিনায়ক হিচাপে দ্ৰাবিড়ৰ প্ৰথম পছন্দ কোন? প্ৰশিক্ষকৰ সাক্ষাৎকাৰত কি ক’লে দ্য ৱালে?

অধিনায়ক হিচাপে দ্ৰাবিড়ৰ প্ৰথম পছন্দ কোন? প্ৰশিক্ষকৰ সাক্ষাৎকাৰত কি ক’লে দ্য ৱালে?

নতুন দিল্লীঃ টি-২০ বিশ্বকাপৰ সামৰণি পৰাৰ পাছতে ভাৰতীয় ক্ৰিকেট দলৰ গুৰুদায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে। বিশ্বাস আৰু সংশয়ৰ মাজতে এনে সুখবৰে আহ্লাদিত কৰি তুলিছে ভাৰতীয় অনুৰাগীক।গুৰুদ্বায়িত্ব প্ৰদানৰ চূড়ান্ত ঘোষণা প্ৰকাশ পোৱাৰ পাছতে নিজ অনুশীলনত ব্যস্ত ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। কৰি গৈছে এটাৰ পাছত এটা পৰকিল্পনা। শেহতীয়াকৈ দ্ৰাবিড়ে এদিনীয়া ক্ৰিকেটত নতুন অধিনায়ক হিচাপে কাক বিচাৰে তাকো স্পষ্টকৈ প্ৰকাশ কৰিছে। চলিত বিশ্বকাপ শেষ হোৱাৰ পাছত বিৰাট কোহলীয়ে টি-২০ ক্ৰিকেটৰ ভাৰতীয় দলৰ অধিনায়কৰ পদ ত্যাগ কৰিব। ইয়াৰ সমান্তৰালকৈ এদিনীয়া ক্ৰিকেটতো কোহলীয়ে অধিনায়ক পদ হেৰুৱাব লাগিব বুলি হনুবাৰ্তা ওলোৱা দেখা গৈছে।

এই সন্দৰ্ভত দ্ৰাবিড়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাকে সীমিত অভাৰৰ ক্ৰিকেটত দলটোৰ উত্তৰাধিকাৰী হিচাপে বিচাৰিছে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা বিচিচিআইৰে এক সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰিছে ‘দ্য ৱালে’।
জানিবলৈ পোৱা মতে, দ্ৰাবিড়ক প্ৰশিক্ষক পদৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত সীমিত অভাৰৰ ক্ৰিকেটত অধিনায়ক হিচাপে তেওঁ কাক বিচাৰে বুলি সোধাত দ্ৰাবিড়ে কয়, ‘মই ৰোহিতক বিচাৰো। ৰোহিতৰ অভিজ্ঞতাৰ বাবে তেওঁ মোৰ প্ৰথম পছন্দ। দ্বিতীয় পছন্দ হৈছে লোকেশ ৰাহুল।’ ভাৰতীয় দলৰ প্ৰশিক্ষক দ্বায়িত্বভাৰ লোৱাৰ পাছত দ্ৰাবিড়ে আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) দায়িত্বত নাথাকিব। ভৱিষ্যতে এনচিএ-য়ে কেনেদৰে কাম কৰিব, ই ৰাষ্ট্ৰীয় দলৰ সৈতে কেনেদৰে সমন্বয় স্থাপন কৰিব তাৰ ওপৰত এক ‘পাৱাৰপইণ্ট প্ৰেজেণ্টেচন’ প্ৰস্তুত কৰিছিল দ্ৰাবিড়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular