Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিক‘যি কৈছোঁ, কৰি দেখুৱাম…’ চাবুৱাত ৰাহুল গান্ধীয়ে দিলে কি প্ৰতিশ্ৰুতি?

‘যি কৈছোঁ, কৰি দেখুৱাম…’ চাবুৱাত ৰাহুল গান্ধীয়ে দিলে কি প্ৰতিশ্ৰুতি?

ডিব্ৰুগড় : ৰাজ্যত নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চপাৰ লগে লগে ৰাজ্যলৈ বিভিন্নজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ আগমন ঘন হৈছে। কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি চাবুৱাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাহুলে কয় ‘মই নৰেন্দ্ৰ মোদীৰ দৰে ফাঁকিবাজ নহয়, যি কৈছোঁ, কথা দিছোঁ, সেয়া কৰি দেখুৱাম৷’ ‘কা’ৰ প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম’ বুলিও ভাষণত ৰাহুলে মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰত অভিনেতা যতীন বৰা!মহাজোঁটক সমালোচনা

চাবুৱাত ৰাহুল গান্ধীয়ে জনসভাৰ মাজতেই সভাত উপস্থিত থকা বাগানৰ একাংশ শ্ৰমিকৰ সৈতেও কথা পাতে৷ সভাৰ মাজতে শ্ৰমিকে ৰাহুল গান্ধীক উদ্দেশ্যি কয়, ‘যদি অসমত কংগ্ৰেছৰ চৰকাৰ হয়, তেনেহ’লে কিমান সময়ৰ ভিতৰত আপুনি শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকা কৰিব?’ শ্ৰমিকৰ প্ৰশ্নৰ উত্তৰ ৰাহুলে কয়, ‘অসমত কংগ্রেছ মহাজোঁটৰ চৰকাৰ হ’লে ৬ ঘণ্টাৰ ভিতৰত মজুৰি বৃদ্ধি কৰা হ’ব।’

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

জনসভাত অংশ লোৱাৰ পাছতে ৰাহুল গান্ধীয়ে শ্ৰমিকৰ জীৱন যাত্ৰাৰ বুজ ল’বলৈ চাবুৱা বাগিচালৈ যাত্ৰা কৰে৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ সৈতেও মত বিনিময় কৰিব৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular