spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাষ্ট্ৰীয়‘খেতিপথাৰ বেছিবলৈ বাধ্য কৰালে, ট্ৰেক্টৰ সংসদত চলিব...’ কাৰ এই হুংকাৰ?

‘খেতিপথাৰ বেছিবলৈ বাধ্য কৰালে, ট্ৰেক্টৰ সংসদত চলিব…’ কাৰ এই হুংকাৰ?

নতুন দিল্লী : এইবাৰ ট্ৰেক্টৰত উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতা তথা কৃষকৰ প্ৰতিবাদৰ প্ৰতিধ্বনিক সংসদলৈ কঢ়িয়াই নিয়াৰ বাবে ট্ৰেক্টৰত উঠি সংসদত উপস্থিত হ’ল ৰাহুল গান্ধী। হাতকটা চোলা, ট্ৰাউজাৰ আৰু চেণ্ডেল পৰিহিত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দিল্লীৰ ৰাজপথেৰে এখন ৰঙা ৰঙৰ ট্ৰেক্টৰ চলাই গৈ সংসদত উপস্থিত হ’ল।

তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত প্ৰায় ৮মাহে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ বাৰ্তাক সংসদলৈকে কঢ়িয়াই অনা বুলি ঘোষণা কৰিলে ৰাহুলে। এই আইনৰ বিৰোধিতা কৰি ৰাহুলে কয়, চৰকাৰে কৃষকৰ কণ্ঠস্বৰক হেঁচি ধৰিছে। সংসদত এই বিষয় লৈ আলোচনা হ’বলৈ দিয়া নাই। তেওঁলোকে এই তিনিখন ক’লা আইন প্ৰত্যাহাৰ কৰিবই লাগিব।

সমগ্ৰ দেশে জানে যে, এই তিনিখন আইন দুই-তিনিজন বৃহৎ ব্যৱসায়ীৰ লাভৰ বাবেহে। তেওঁ সংবাদ মাধ্যমৰ আগত লগতে অভিযোগ কৰে যে, চৰকাৰৰ মতে কৃষকসকল সুখী আৰু যিসকলে বাহিৰত বহি প্ৰতিবাদ কৰি আছে তেওঁলোক সন্ত্ৰাসবাদী। কিন্তু প্ৰকৃততে কৃষকৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। তেওঁৰ এই প্ৰতিবাদৰ বাৰ্তা দি তেওঁ টুইটাৰত হিন্দীত লিখিছে যে, যদিহে খেতিপথাৰ বিক্ৰী কৰিবলৈ বাধ্য কৰে, ট্ৰেক্টৰ সংসদত চলিব। সত্যৰ শষ্য ৰোপন কৰিহে এৰিম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular