আগন্তুক ৩দিনত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৃষ্টিপাত

গুৱাহাটী : তিনিদিন অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব ধাৰাষাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বে’ অৱ বেংগলত ২০ ছেপ্টেম্বৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱতে উক্ত দিনকেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হ’ব।

আৰু পঢ়িব পাৰিব: ইকৰানিত হাবিত উদ্ধাৰ এটি নৱজাত কন্যা শিশু

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিনকেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ-পূবক।
বে’ অৱ বেংগলৰ উত্তৰ অংশত হোৱা নিম্নচাপৰ ফলত অসমৰ উপৰি পশ্চিম বংগ আৰু ছিকিমতো ধাৰাষাৰ বৰষুণ হ’ব।

আৰু পঢ়িব পাৰিব: নুমলীগড়ত প্ৰায় শতাধিক বন্যহস্তীৰ উপদ্ৰৱ : আতংকিত অঞ্চলবাসী

গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰয়ো প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা তথ্য অনুসৰি ২২ ছেপ্টেম্বৰৰ দিনা অসম, মেঘালয় আদি ৰাজ্যত আটাইতকৈ বেছি বৰষুণ হ’ব।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES