Google search engine
28 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeমনোৰঞ্জনগ্ৰেপ্তাৰৰ পৰা বাছিবলৈ ২৫লাখ ঘোচ দিছিল ৰাজ কুন্দ্ৰাই! কোনে দিছিল অভিযোগ?

গ্ৰেপ্তাৰৰ পৰা বাছিবলৈ ২৫লাখ ঘোচ দিছিল ৰাজ কুন্দ্ৰাই! কোনে দিছিল অভিযোগ?

মু্ম্বাই : পৰ্ন ভিডিঅ’ নিৰ্মাণ তথা বৃহৎ পৰ্ন ৰেকেটৰ পৃষ্ঠপোষকতা কৰি মুম্বাই আৰক্ষীৰ জালত পৰা অভিনেত্ৰী শিল্পা ছেট্টীৰ পতি ৰাজ কুন্দ্ৰাৰ বিপদ বাঢ়ি গৈ আছে। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ অন্ত নোহোৱা হৈছে। তেওঁ পৰ্নগ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি তথা ‘আইটি এক্ট’ৰ ৰোষত পৰাই নহয় তেওঁ বেৱ ছিৰিজত অভিনয়ৰ সুযোগ দি বহুতকে পৰ্ন ভিডিঅ’ত অভিনয় কৰিবলৈ বাধ্য কৰোঁৱাৰো অভিযোগ উঠিছে।

শেহতীয়াকৈ আন এটা অভিযোগ উঠিছে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। তেওঁ গ্ৰেপ্তাৰৰ পৰা বাছিবলৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত ২৫লাখ টকা উৎকোচ দিয়া বুলি অভিযোগ কৰিছে এই গোচৰৰ আন এজন অভিযুক্তই। অৰবিন্দ শ্ৰীবাস্তৱ, আলিয়াথছ য়াছ ঠাকুৰৰ এখন ফাৰ্ম এই ঘটনাৰ কেন্দ্ৰ বিন্দু আছিল বুলি বিগত মাৰ্চ মাহত পোহৰলৈ আহিছিল। ফাৰ্মখনৰ পৰাই ইমেইযোগে এণ্টি কৰাপচন ব্যুৰোক সেই মাহতে অভিযোগ দিয়াৰ কথা এতিয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এপ্ৰিলত দুৰ্নীতিবিৰোধী শাখাই মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এই অভিযোগ পঠিয়াই দিয়ে। ‘ফ্লিজ মুভিজ’ নামৰ প্ৰতিষ্ঠানটোৱে এই অভিযোগ দুৰ্নীতিবিৰোধী শাখাক দিছিল। পূৰ্বে এই ফাৰ্মখনক ‘নুইফ্লিক্স’ নামেৰে জনা গৈছিল। মাৰ্চ মাহত প্ৰায় ৪.৫ কোটি টকাসহ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ দুটা একাউণ্ট জব্দ কৰিছিল আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Tue
32 °
Wed
31 °
Thu
33 °
Fri
33 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular