spot_img
24.9 C
Guwahati
Monday, September 20, 2021
spot_img
Homeমনোৰঞ্জনসবাতোকৈ শক্তিশালী কোন? শিল্পা শেট্টীৰ অৰ্থপূৰ্ণ ইনষ্টাগ্ৰাম পোষ্ট

সবাতোকৈ শক্তিশালী কোন? শিল্পা শেট্টীৰ অৰ্থপূৰ্ণ ইনষ্টাগ্ৰাম পোষ্ট

মুম্বাই : স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত প্ৰথমবাৰলৈ ছ’চিয়েল মিডিয়াত আত্মপ্ৰকাশ কৰিছে অভিনেত্ৰী শিল্পা শেট্টীয়ে। পৰ্ন ৰেকেট চলোৱাৰ গোচৰত ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত দীঘলীয়া সময় ছ’চিয়েল মিডিয়া তথা সামাজিক জীৱনৰ পৰা আঁতৰি আছিল তাৰকা অভিনেত্ৰীগৰাকী। শনিবাৰে প্ৰথমবাৰলৈ তেওঁ এটা ফটোশ্বুটৰ আলোকচিত্ৰ ইনষ্টাগ্ৰামযোগে প্ৰচাৰ কৰে।

ফ্ল’ৰেল ডিজাইনৰ নীলা শাৰী পৰিধান কৰা শিল্পাই তাৎপৰ্যপূৰ্ণ উদ্ধৃতি প্ৰকাশ কৰিছে আলোকচিত্ৰখনৰ সৈতে। শিল্পাই লিখিছে, ‘উত্তৰণৰ বাবে মন বান্ধি লোৱা নাৰীতকৈ শক্তিশালী আৰু একো নাই। ব্যক্তিগত জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাক ইংগিত কৰিয়েই তেওঁ এই মত প্ৰকাশ কৰিছে বুলি সহজে ধাৰণা কৰিব পাৰি।

উল্লেখ্য যে, শিল্পাই সম্প্ৰতি ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈও উভতিছে। এগৰাকী বিচাৰক হিচাপে জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ অংগ হৈ থকা শিল্পাক তেওঁৰ পৰিচিত উজ্জীৱিত ৰূপতে দেখা গৈছে শ্ব’টোত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.9 ° C
24.9 °
24.9 °
92 %
1.7kmh
1 %
Mon
25 °
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular