পট পৰিৱৰ্তনৰ ইংগিত, মূলসুঁতিলৈ উভতিব ৰাজস্থান কংগ্ৰেছৰ ‘বিদ্ৰোহী’ শিবিৰ!

নতুন দিল্লী : কেইবাসপ্তাহজোৰা জল্পনা-কল্পনা তথা অস্থিৰতাৰ পাছত এতিয়া ৰাজস্থানৰ ৰাজনীতিত পুনৰ পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰা মতে, অপসাৰিত উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ বিদ্ৰোহী শিবিৰে মূলসুঁতিত চামিল হ’বলৈ সাজু হৈছে। এয়া বাস্তৱায়িত হ’লেই নতুন শক্তিৰে দৃঢ় হ’ব অশোক গেহলট চৰকাৰ। ৰাজ্যখনত বিজেপিৰ প্ৰৰোচনাতে এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছিল প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক সভাপতি শচীন পাইলট তথা তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে।

আৰু পঢ়িব পাৰিব: মুম্বাইত ১০০০ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

অৱেশ্যে তেওঁ বিজেপিত যোগদানৰ কথা অস্বীকাৰ কৰি আহিছিল। মুখ্যমন্ত্ৰী অশোক গেহলটক অপসাৰণৰ দাবীৰে বিদ্ৰোহৰ সূত্ৰপাত ঘটোৱা পাইলটৰ শিবিৰৰ শক্তি হ্ৰাস হোৱাৰ পাছত তেওঁ এতিয়া আপোচৰ বাবে সাজু হোৱাৰ সম্ভাৱনা দেখা গৈছে। কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰা মতে, পাইলট আৰু গান্ধী নেতৃত্ব অথবা কংগ্ৰেছৰ হাইকমাণ্ডৰ বৈঠক শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিছুদিন পূৰ্বে এনচিআৰৰ এক বিশেষ স্থানত পাইলট আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰা আলোচনাত মিলিত হোৱাৰ পাছতে এনে সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আৰু পঢ়িব পাৰিব: তিনিচুকীয়াৰ সাংবাদিকৰ হত্যাকাৰী ৰহস্যময়ী যুৱতী

গান্ধী পৰিয়াল তথা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ নেতা পাইলটক যে গান্ধী পৰিয়ালে হেৰুৱাব বিচৰা নাই সেইকথা স্পষ্ট হৈ পৰিছে যোৱা সময়ছোৱাত। অৱশ্যে, পাইলট শিবিৰে এনে বুজাবুজিৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে আৰু মুখ্যমন্ত্ৰী অশোক গেহলটৰ অপসাৰণৰ দাবীত তেওঁলোক অটল হৈ থকা বুলি প্ৰকাশ কৰিছ। বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পূৰ্বে বিদ্ৰোহী শিবিৰ ৰাজস্থান কংগ্ৰেছৰ মূলসুঁতিত চামিল হোৱাৰ সম্ভাৱনা সৃষ্টি হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইফালে, আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, পাইলটে শেহতীয়াকৈ ৰাহুল গান্ধীক সাক্ষাতৰ বাবে সময় বিচাৰিছে। তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমদ পেটেল, কে চি বেনুগোপাল আদিৰ সৈতেও কথা পতা বুলি জানিব পৰা গৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES