spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াদূৰতে বিদূৰ ৰাজস্থান! আমিৰাত চলিল মুম্বাই এক্সপ্ৰেছ...

দূৰতে বিদূৰ ৰাজস্থান! আমিৰাত চলিল মুম্বাই এক্সপ্ৰেছ…

নতুন দিল্লীঃ মুম্ৱাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত খেলখনত ৮ উইকেটত জয়লাভ মুম্বাইৰ। শাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখনত মুম্বাইৰ হাতত ধৰাশায়ী ৰাজস্থান ৰয়েলছ। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল। প্ৰথম ইনিংছত ৰাজস্থানৰ ৰয়েলছৰ বেটছমেনসকলে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ খেলত অতি দুৰ্বল বেটিং কৰি ২০ অভাৰত মাত্ৰ ৯০ ৰানহে সংগ্ৰহ কৰে। ৯ টা উইকেট হেৰুৱাই এক সহজ লক্ষ্য বান্ধি দিছিল ৰাজস্থানে।

লিউছৰ বাহিৰে কোনো এগৰাকী বেটছমেনে দৃঢ়তাৰে খেলিব নোৱাৰিলে। মুম্বাইৰ হৈ কুল্টাৰ নাইলে সৰ্বাধিক ৪টা উইকেট লাভ কৰে। আনহাতে, সহজ লক্ষ্যৰ চোঁচা লোৱা মুম্বাইয়ে ৮.৩ অভাৰত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। মুম্বাইৰ হৈ ঈশান কিশনে সৰ্বাধিক ৫০ৰান কৰে। স্বাভাৱিকতে এই জয়ে কিঞ্চিত আশাৰ ৰেঙনি কঢ়িয়াইছে মুম্বাই শিবিৰত। বৰ্তমান দলটোৱে -০.০৫ৰান ৰেটেৰে পঞ্চম স্থানলৈ উন্নীত হৈছে। পৰৱৰ্তী খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে জয়ী হ’লে প্লে’ অফলৈ উন্নীত হোৱাৰে সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে, কলকাতাৰ নাইট ৰাইডাৰ্ছৰ জয়-পৰাজয়ো যথেষ্ট তাতপৰ্য বহন কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular