spot_img
25 C
Guwahati
25 C
Guwahati
বুধবাৰ, অক্টোবৰ 20, 2021
Homeআঞ্চলিকৰাজকন্যাক জেৰা : সুৰাপানে নহয় ড্ৰাগছ লোৱাৰো তথ্য লাভ আৰক্ষীৰ

ৰাজকন্যাক জেৰা : সুৰাপানে নহয় ড্ৰাগছ লোৱাৰো তথ্য লাভ আৰক্ষীৰ

গুৱাহাটী : বুধবাৰে জিএনআৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক নিশাটো পাণবজাৰ থানাত ৰখা হয়৷ মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ পাছতে গ্ৰেপ্তাৰ হয় বিতৰ্কিত মডেলগৰাকী৷ অসুস্থতাৰ দোহাই দি জিএনআৰচি হাস্পতাল ভৰ্তি হোৱা ৰাজকন্যাৰ কোনো অসুস্থতা নাই বুলি মেডিকেল ব’ৰ্ডয়ে দিয়া প্ৰতিবেদনৰ পাছতে গ্ৰেপ্তাৰ হয় ৰাজকন্যা৷

ৰাজকন্যাক বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ৫ গৰাকী মহিলা কনিষ্ঠবলৰ তত্বাৱধানত দিছপুৰ আৰক্ষী থানাতে ৰখা হৈছে। নিশালৈ আৰক্ষী থানাতে DCP য়ে জেৰা চলাইছে ৰাজকন্যাৰ ওপৰত। এখন বেঞ্চত বহিয়ে নিশাটো কটাব লগীয়া হৈছে অসুস্থতাৰ দোহাই দি আইচিইউৰ বিচনা দখল কৰি থকা ৰাজকন্যাই।

আজি আদালতত হাজিৰ কৰি পুনৰ ৫ দিনৰ আৰক্ষী জিম্মাত বিচাৰিব ৰাজকন্যাক। কালি জিএমচিএইচত ৰাজকন্যাৰ এক্স-ৰে কৰা হৈছিল যদিও তেজৰ নমুনা সংগ্ৰহ কৰিব পৰা নাই চিকিৎসকে। কেৱল সুৰাপানে নহয় নিয়মিত ড্ৰাগছ লোৱাৰ কিছু তথ্য লাভ কৰিছে আৰক্ষীয়ে। ইফালে ৰাজকন্যাক GNRC হাস্পতালত মিছাতে চিকিৎসাধীন সজাই ৰখা চিকিৎসক আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে শীঘ্ৰে আৰক্ষীয়ে ল’ব ব্যৱস্থা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular