spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকশেষৰক্ষা নহ’ল; পুনৰ গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত মডেল ৰাজকন্যা

শেষৰক্ষা নহ’ল; পুনৰ গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত মডেল ৰাজকন্যা

ডিজিটেল ডেস্ক : নানা প্ৰভাৱ, প্ৰতিপত্তি খটুৱাই, আনকি অসুস্থতাৰ নাটক কৰিও সাৰি যাবলৈ সক্ষম নহ’ল ৰাজকন্যা বৰুৱা। ৰাজপথত তাণ্ডৱ সৃষ্টি কৰি নগৰাকীকৈ শ্ৰমিকৰ জীৱনলৈ অমানিশা নমাই অনা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। জিএনআৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত মডেল ৰাজকন্যাক। অসুস্থতাৰ অজুহাতেৰে তেওঁ চিকিৎসাধীন হৈ আছিল জিএনআৰচিত।

দিছপুৰ থানাই জাৰি কৰা চমনকো অগ্ৰাহ্য কৰিছিল ৰাজকন্যাই। কিন্তু মেডিকেল ব’ৰ্ড-এ ৰাজকন্যাক পৰীক্ষা কৰি তেওঁ অসুস্থ নহয় বুলি প্ৰতিবেদন দিয়াৰ পাছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বিগত শুকুৰবাৰে মাজনিশা সুৰাসক্ত অৱস্থাত গাড়ী চলাই আঠজন শ্ৰমিকসহ নজন লোকক আহত কৰিছিল ৰাজকন্যা বৰুৱাই। তাৰে এজনৰ ছিগি গৈছিল দুয়োখন ভৰি। তাৰ পাছতো নিজৰ প্ৰভাৱ প্ৰতিপত্তি খটুৱাই তেওঁ মেনেজ কৰিছিল আৰক্ষীক। আৰক্ষীৰ সহযোগত এদিনতে জামিন পাইছিল বিতৰ্কিত মডেলগৰাকীয়ে। তাৰ পাছত এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰক্ষীৰ জালত পৰিল মডেল ৰাজকন্যা।

ৰাজকন্যাক সহায় কৰা দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধেও গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা। আজি মেডিকেল ব’ৰ্ডৰ ছজনীয়া দলে চিকিৎসাধীন ৰাজকন্যাক পৰীক্ষা কৰাৰ পাছত ‘তেওঁ কোনোধৰণৰ গুৰুতৰ অসুস্থতাত ভুগি থকা নাই…’- বুলি প্ৰতিবেদন দিয়ে। তেওঁৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ ভালেমান পৰীক্ষাৰ পাছত তেওঁক চিকিৎসালয়ত ৰাখিবলগীয়া কোনো কাৰণ নাই আৰু তেওঁ তদন্তকাৰী আৰক্ষী বিষয়াৰ সন্মুখত হাজিৰ হ’ব পাৰিব বুলি প্ৰতিবেদন দিয়ে মেডিকেল ব’ৰ্ড-এ। তাৰ পাছতে তৎপৰতাৰে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular