spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকসাৰি নাযায় ৰাজকন্যা বৰুৱা, জামিনত সহায় কৰা আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

সাৰি নাযায় ৰাজকন্যা বৰুৱা, জামিনত সহায় কৰা আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী : শুকুৰবাৰে নিশা মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। মাজনিশা মডেল ৰাজকন্যা বৰুৱাৰ গাড়ীয়ে নজনকৈ লোকক মহতীয়াই নিয়াৰ পাছত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। এই দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাই এদিনতে জামিন পোৱাক লৈও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। সান্ধ্য আইন ভংগ কৰা, কৰ্তব্যৰত আৰক্ষী বিষয়াক বাধা প্ৰদানকে ধৰি বিভিন্ন গুৰুতৰ অপৰাধ কৰাৰ পাছতো অজ্ঞাত কাৰণত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে লোৱা নাছিল কঠোৰ ভূমিকা।

আৰু পঢ়িব পাৰিব : ‘ফেমিনা মিছ ইণ্ডিয়া’ৰ মঞ্চৰ পৰা ৰাজপথৰ সন্ত্ৰাসলৈ… কাৰ্ফিউৰ মহানগৰত কোন এই ‘ৰাজকন্যা’?

আৰক্ষীৰ দুৰ্বল ভূমিকা তথা উপযুক্ত গোচৰত ৰাজকন্যাক অভিযুক্ত নকৰাৰ বাবেই তেওঁ জামিন লাভ কৰা বুলি চৰ্চা চলিছিল। কোন তদন্তকাৰী বিষয়াই ৰাজকন্যা বৰুৱাক জামিন দিয়াত সহায় কৰিছিল তাক লৈ এতিয়া চৰ্চা চলিছে৷ কিন্তু এতিয়া ৰাজকন্যা বৰুৱাৰ লগতে তেওঁক জামিনৰ সুবিধা কৰি দিয়া আৰক্ষী বিষয়াৰ বিপদ বৃদ্ধিৰ আশংকাই দেখা দিছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে ৰাজকন্যা আৰু দুৰ্বল গোচৰেৰে জামিন দিয়াত সহায় কৰা আৰক্ষী বিষয়া শলঠেকত পৰাটো নিশ্চিত হৈছে। ৰাজকন্যাক জামিন লাভৰ সুবিধা কৰি দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে, দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

আৰু পঢ়িব পাৰিব : ফুলশয্যাৰ নিশাই আৰম্ভ হৈছিল; আজিৰ দিনতো অসমত এনে কাণ্ড! কি হ’ব সুনীতাৰ ?

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও প্ৰকাশ কৰিছে চৰকাৰী সূত্ৰই৷ নজনকৈ লোকক আহত কৰা তথা কেইবাজনকো জীৱনলৈ ঘূণীয়া কৰাৰ পাছতো ছ’চিয়েল মিডিয়াত ৰাজকন্যা বৰুৱাই নিজৰ দোষ মানি লোৱাৰ সলনি দুৰ্ভগীয়া শ্ৰমিক আৰু সংবাদ মাধ্যমকহে দোষাৰোপ কৰি অহা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছত তেওঁক পুনৰ আইনী আঁওতালৈ অনাটো সম্ভৱ হ’বনে নাই সেয়া সময়েহে ক’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular