spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিককৰ্মফলে খেদিছে উতনুৱা ৰাজকন্যাক; কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ, কি আছিল অপৰাধ?

কৰ্মফলে খেদিছে উতনুৱা ৰাজকন্যাক; কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ, কি আছিল অপৰাধ?

ডিজিটেল ডেস্ক : সলনি হৈছে ৰাজকন্যা বৰুৱাৰ ভাগ্যদশা। ইটোৰ পাছত সিটো অপৰাধ সংঘটিত কৰি নিজৰ অদৃশ্য প্ৰভাৱ-প্ৰতিপত্তিৰ বলত সাৰি যোৱা ৰাজকন্যা বৰুৱাৰ কৰ্মফলে যেন এতিয়া খেদি ফুৰিছে তেওঁক। গ্লেমাৰ জগতৰ মায়াময়তাৰ পৰা এইবাৰ তেওঁ সৰি পৰিছে কাৰাগাৰৰ অন্ধকাৰ কুঠৰীলৈ। কিন্তু কাৰাগাৰতো তেওঁ পোৱা নাই শান্তি। এইবাৰ খোল খাইছে ৰাজকন্যাৰ পুৰণি গোচৰৰ ফাইল। কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক। পুৰণি এটা গোচৰত সোমবাৰে নিশা তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোঁৱাৰ পাছত তেওঁ পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে চিজেএম আদালতে। কিন্তু কি গোচৰত পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা?

কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক ….

ঘটনা সংঘটিত হৈছিল ২০১৭ চনত। ২০১৭ চনতো বেপেৰুৱা ৰাজকন্যাই সংঘটিত কৰিছিল এটা পথ দুৰ্ঘটনা। সেইদিনা নিশাও এএছ ০১ এজি ২১৯৪ নম্বৰৰ গাড়ীৰে ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৰাজকন্যাই। ৰাজকন্যাৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল কৰণজ্যোতি সন্দিকৈ নামৰ যুৱকজন। বাইক আৰোহী যুৱকজন ইমান গুৰুতৰভাৱে আহত হৈছিল যে, তেওঁৰ ডিঙিৰ হাড় ভাঙিছিল গৈছিল। ভৰিতো পাইছিল গুৰুতৰ আঘাত। কেইবামাহো হাস্পতালত ভৰ্তি হৈ চিকিৎসা কৰাৰ পাছতো তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই।

ৰাজকন্যাৰ এতিয়া সেই সোণালী সুদিনে লগ এৰা দিছে। এতিয়া যেন কৰ্মফলে খেদি ফুৰিছে এসময়ত ৰেম্পত শিহৰণ তোলা ৰাজকন্যা বৰুৱাক।

উল্লেখ্য যে, কৰণজ্যোতি আছিল প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ। ২০১৭ চনৰ ২৬অক্টোবৰত নিশা ১২.৪৫ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটো সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও তেতিয়া কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল মডেল নৱনীতাৰ বিৰুদ্ধে। কৰণজ্যোতিয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মুখ খুলিছিল আৰু তেওঁক ইচ্ছাকৃতভাৱে ৰাজকন্যাই গাড়ীৰে মহতীয়াই নিয়া বুলি অভিযোগ কৰিছিল। এনে ভয়ংকৰ দুষ্কাৰ্য সংঘটিত কৰিও সাৰি যোৱা ৰাজকন্যাৰ এতিয়া সেই সোণালী সুদিনে লগ এৰা দিছে। এতিয়া যেন কৰ্মফলে খেদি ফুৰিছে এসময়ত ৰেম্পত শিহৰণ তোলা ৰাজকন্যা বৰুৱাক।

পুৰণি গোচৰে এতিয়া তেওঁৰ মুক্তিৰ বাট অধিক কঠিন কৰাটো একপ্ৰকাৰ যেন স্পষ্ট কৰি তুলিলে ….

দিছপুৰ থানাৰ পুৰণি গোচৰতে পুনৰ তেওঁক কৰা হ’ল গ্ৰেপ্তাৰ। এই পুৰণি গোচৰে এতিয়া তেওঁৰ মুক্তিৰ বাট অধিক কঠিন কৰাটো একপ্ৰকাৰ যেন স্পষ্ট কৰি তুলিলে। মন কৰিবলগীয়া যে, ১ অক্টোবৰত বিভীষিকা সৃষ্টিৰে নজনকৈ লোকৰ জীৱনলৈ অমানিশা নমাই অনা ৰাজকন্যা বৰুৱাই ইয়াৰ উপৰি ২০১৫ চন আৰু ২০১৮ চনতো মদ খাই উদ্ভণ্ডালি কৰা, আৰক্ষীৰে হতাহতিত লিপ্ত হোৱা তথা আন লোকৰ শান্তি বিঘ্নিত কৰাৰ দৰে ঘটনা সংঘটিত কৰিছিল। ৰাজভৱনলৈ মদৰ বটল দলিওৱা, জিএছ ৰোডৰ বাৰৰ বাহিৰত আবাঞ্চিত পৰিস্থিৰ সৃষ্টি কৰা মডেলগৰাকীৰ বিৰুদ্ধে লতাশিল আৰু ভঙাগড় থানাতো ৰুজু হৈ আছে গোচৰ। এতিয়া এইবোৰ গোচৰৰ ফাইলো নতুনকৈ খোল খাব নেকি সেই প্ৰশ্নও এতিয়া উত্থাপন কৰিছে বিভিন্নজনে। মুঠতে কৰ্মফল ভোগৰ বাহিৰে এইবাৰ যেন কোনো পথ নাই বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular