ৰাজ্যসভাৰ পৰা নিলম্বিত : সংসদ চৌহদতে ধৰ্ণাত আঠ সাংসদ

নতুন দিল্লী : উশৃংখল আচৰণৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা আঠগৰাকী সাংসদৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হ’ল ৰাজ্যসভা। কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা বিৰোধী দলৰ আঠগৰাকী বিধায়কক সংসদত উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত আজি অধ্যক্ষ এম ভেংকায়া নায়ডুৱে নিলম্বিত কৰিছিল। কিন্তু সাংসদগৰাকীয়ে ৰাজ্যসভা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে ৰাজ্যসভাৰ চৌহদতে ধৰ্ণাত বহে।

আৰু পঢ়িব পাৰিব: ‘এনচিবি’ৰ তদন্তৰ জালত ছাৰা আলী খান-শ্ৰদ্ধা কাপুৰ-ৰকুল প্ৰীতো!

অসমৰ সাংসদ ৰিপুন বৰা, পশ্চিমবংগৰ ডেৰেক অ’ব্ৰায়ানকে ধৰি আঠোগৰাকী সাংসদে হাতে হাতে প্লেকাৰ্ড লৈ ‘গণতন্ত্ৰৰ হত্যা’, ‘আমি কৃষকৰ হৈ যুঁজিম’ আদি শ্লোগান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নিলম্বনৰ সন্মুখীন হোৱা আন সাংসদকেইগৰাকী হৈছে তৃণমূল সাংসদ দোলা সেন, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাজীৱ ছতৱ, ছৈয়দ নাছৰিল হুছেইন আৰু চিপিআই(এম)ৰ দুগৰাকী সাংসদ।

আৰু পঢ়িব পাৰিব: বিজেপিত পুনৰ যোগদান গায়ক-পৰিচালকৰ তথা ব্যৱসায়ীৰ

বিৰোধী দলৰ আন একাংশ সাংসদেও ৰাজ্যসভাৰ প্ৰাংগনত এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, ৰাজ্যসভাৰপৰা বিৰোধী সাংসদক নিলম্বিত কৰাৰ ঘটনাক ‘গণতন্ত্ৰক কণ্ঠৰোধ কৰা’ৰ প্ৰয়াস বুলি আখ্যা দিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে। দেওবাৰে সংসদত কৃষি বিধেয়ক গৃহীত কৰাৰ সময়ত এইসকল সাংসদে প্ৰবল প্ৰতিবাদৰ কৰিছিল আৰু তেওঁলোকে বিধেয়কৰ প্ৰতিলিপি ফালি উপাধ্যক্ষলৈ নিক্ষেপ কৰিছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES