গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত ওৰেনিশা প্ৰতিবাদ নিলম্বিত সাংসদৰ

নতুন দিল্লী :  ৰাজ্যসভাৰ বাহিৰত সোমবাৰে গোটেই নিশা ৮ জন নিলম্বিত সাংসদে প্ৰতিবাদ সাব্যস্ত কৰে৷ গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত কালিৰে পৰা সাব্যস্ত কৰি আহিছে প্ৰতিবাদ৷ সোমবাৰে নিশা প্ৰতিবাদকাৰী সাংসদকেইগৰাকীৰ কাষত উপস্থিত হয় ৰাজ্যসভাৰ উপাধ্যক্ষ৷

আৰু পঢ়িব পাৰিব: ৰাজ্যসভাৰ পৰা নিলম্বিত : সংসদ চৌহদতে ধৰ্ণাত আঠ সাংসদ

প্ৰতিবাদৰ মাজতে সাংসদকেইগৰাকীক ৰাজ্যসভাৰ উপাধ্যক্ষই চাহ দিছিল যদিও সেয়া নাকচ কৰিলে বুলি জানিব পৰা গৈছে৷ কৃষি বিধেয়কৰ বিৰোধিতাৰে সদনত অসংসদীয় আচৰণৰে প্ৰতিবাদ কৰি  নিলম্বিত হৈছিল সাংসদকেইজন৷ অৱশ্যে সদন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰা সাংসদকেইগৰাকীয়ে সংসদৰ বাহিৰত আৰম্ভ কৰিছিল প্ৰতিবাদ৷

আৰু পঢ়িব পাৰিব: ‘এনচিবি’ৰ তদন্তৰ জালত ছাৰা আলী খান-শ্ৰদ্ধা কাপুৰ-ৰকুল প্ৰীতো!

এই প্ৰতিবাদকাৰী ৮ জন সাংসদৰ মাজত অসমৰ ৰিপুন বৰাও আছে৷  আজি বিধেয়কক লৈ বিৰোধীয়ে দুয়োখন সদন উত্তাল কৰিব বুলি জানিব পৰা গৈছে৷ নিলম্বিত সাংসদকেইজন হৈছে ক্ৰমে TMCৰ ডেৰেক অ’ব্ৰেইন, ‘আপ’ৰ সঞ্জয় সিং, কংগ্ৰেছৰ ৰিপুণ বৰা, নাজিছ হুছেইন, ডোলা সেন,  CPI(M)ৰ কে কে ৰাগেশ, এলামৰন কৰিম, সাংসদ ৰাজীৱ ছাতব৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES