Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeক্ৰীড়াৰূপালী পৰ্দাত ‘দাদা’, অভিনয়ত ৰনবীৰ কাপুৰ?

ৰূপালী পৰ্দাত ‘দাদা’, অভিনয়ত ৰনবীৰ কাপুৰ?

নতুন দিল্লীঃ শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী, মহম্মদ আজাহাৰউদ্দিনৰ পাছত এইবাৰ ৰূপালী পৰ্দাত সৌৰভ গাঙ্গুলী। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতিগৰাকীৰ জীৱনভিত্তিক কাহিনীৰ ওপৰত ছবি নিৰ্মাণৰ যো-জা চলিছে। ইতিমধ্যে সৌৰভ গাঙ্গুলীয়ে ছবি নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বিশেষ সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে, বায়’পিকখনৰ নিৰ্মাণৰ বাবে ২০০-২৫০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। সৌৰভ গাঙ্গুলীৰ চৰিত্ৰত অভিনয় কৰিব বলীউড তাৰকা ৰনবীৰ কাপুৰে।


উল্লেখ্য যে, সংবাদ মাধ্যমৰ এক সাক্ষাত্কাংৰত সৌৰভ গাঙ্গুলীয়ে নিজে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ সদৰী কৰে যে, ‘ হয়, এইখন বায়’পিকৰ বাবে মই অনুমোদন দিছো। বায়’পিকখন হিন্দী ভাষাত হ’ব।’ ছবিখনৰ পৰিচালক কোন হ’ব, সেয়া বৰ্তমান ঠিৰাং কৰিব পৰা নাই, আলোচনাৰ মাজেৰে চূড়া্ন্ত পৰ্যায়লৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলিও জনাইছে সৌৰভ গাঙ্গুলীয়ে।


মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে ৰনবীৰ কাপুৰকে অধিক প্ৰাধান্য দিয়া হৈছে যদিও আন দুগৰাকী অভিনেতালৈয়ো প্ৰস্তাৱ প্ৰেৰণ কৰিছে প্ৰযোজনা সংস্থাই। সৌৰভৰ চৰিত্ৰত হৃত্বিক ৰোশন প্ৰথম পছন্দ, বলীউড অভিনেত্ৰী নেহা ঢুপিয়াৰ। এই প্ৰসংগত সৌৰভ গাঙ্গুলীয়ে সদৰী কৰে, ‘হৃত্বিকে মোৰ চৰিত্ৰত অভিনয়ৰ বাবে প্ৰথমে দৈহিক গঠন মোৰ দৰে কৰিব লাগিব। সকলোৱে তেওঁৰ শৰীৰক লৈ প্ৰশংসা কৰে। তেওঁৰ দৰে পেশীবহুল শৰীৰ বলীউডৰ মুষ্টিমেয় তাৰকাৰহে আছে। তথাপি মোৰ বায়’পিকত অভিনয় কৰিবলৈ হ’লে হৃত্বিকৰ দৈহিক গঠন মোৰ দৰে হ’ল লাগিব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular