spot_img
26 C
Guwahati
Monday, September 27, 2021
Homeআঞ্চলিকমুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠা! পিছে মুখ্যমন্ত্ৰী হ'ব কোন?

মুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠা! পিছে মুখ্যমন্ত্ৰী হ’ব কোন?

গুৱাহাটী : দিছপুৰ পুনৰ দখল কৰিলে বিজেপিয়ে৷ পিছে ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ চলিলে সৰ্বত্ৰে চৰ্চা৷ মুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠাই দেখা দিছে৷ আনহাতে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ বিভিন্ন নেতা তথা বিজয়ী প্ৰাৰ্থীৰ সোঁত বৈছে৷ আজি দুপৰীয়া ৫ বিধায়কক লগত লৈ আহিল কাৰ্বি স্বায়ত্ত-পৰিষদৰ চিআএম তুলিৰাম ৰংহাং৷

আৰু পঢ়িব পাৰিব :   অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ

হিমন্তক মুখ্যমন্ত্ৰীৰূপে বিচাৰে বুলি ঘোষণা কৰে তুলিৰামে৷ বিজেপিৰ সাংগঠনিক সম্পাদক ফণি শৰ্মাই মুখ্যমন্ত্ৰী সন্দৰ্ভত কয় যে, বিজেপি আদৰ্শত চলা দল৷ গতিকে কেন্দ্ৰীয় নেতৃত্ব, সংসদীয় সমিতিয়ে বিবেচনা কৰিব মুখ্যমন্ত্রী কোন হয়৷ দলীয় লক্ষ্মণ ৰেখা পাৰ কৰাটো অনুচিত৷ ‘ৰাইজে বিজেপিৰ ওপৰত গভীৰ বিশ্বাস ৰাখিছে, সেয়েহে আমি জয়ী হৈছো, গতিকে আমাৰ দায়িত্ব বাঢ়িল’- বুলিও মন্তব্য কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব :   ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

ভূবনেশ্বৰ কলিতাই মুখ্যমন্ত্রী কোন হ’ব সেয়া সংসদীয় কমিটিয়ে বিবেচনা কৰিব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী কোন হ’ব এই সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য আগবঢ়ায়৷ ‘বিজেপিৰ এক নীতি-আদৰ্শ আছে, গতিকে মুখ্যমন্ত্রী কোন হ’ব সেয়া দলে বিবেচনা কৰিব৷’

RELATED ARTICLES

Today's Weather

Guwahati
thunderstorm
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
26 °
Tue
33 °
Wed
28 °
Thu
27 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular