spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াআইপিএলৰ ব্যঞ্জনত আকৌ গ্লেমাৰৰ মছলা! এইবাৰ ৰণবীৰ-দীপিকা...

আইপিএলৰ ব্যঞ্জনত আকৌ গ্লেমাৰৰ মছলা! এইবাৰ ৰণবীৰ-দীপিকা…

ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতৰ আটাইতকৈ জনপ্ৰিয়, ব্যয়বহুল তথা গ্লেমাৰাছ লীগেই হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। প্ৰতিগৰাকী খেলুৱৈৰ হেঁপাহ আইপিএল খেলাৰ আৰু প্ৰতিগৰাকী দৰ্শকৰ উৎসাহ আইপিএল চোৱাৰ। টি-২০ ক্ৰিকেটৰ মজা যেন আইপিএলতেই। গ্লেমাৰাছ আইপিএলৰ ২০২২ সংস্কৰণত আৰু অধিক গ্লেমাৰৰ সমাহাৰ ঘটিব বুলি উদগ্ৰীৱ ক্ৰীড়াপ্ৰেমী।


আইপিএলৰ গৱৰ্ণিং কমিটিয়ে ২০২২ সংস্কৰণত আৰু দুটা নতুন দলৰ সংযোজন হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ বাবে আনকি ডাক লগাবলৈও আহ্বান জনাইছে। বলীউড ষ্টাৰ কাপল ৰাণবীৰ সিং আৰু দীপিকা পাডুকনে আইপিএলৰ নতুন দল ক্ৰয়ৰ বাবে ডাক লগাব বুলি খবৰ ওলাইছে। বলীউড যুটিটোৰ আইপিএলৰ প্ৰতি আগ্ৰহে নতুন দল ক্ৰয়ৰ প্ৰতিযগিতা আৰু আকৰ্ষণীয় কৰিব বুলি অনুমান কৰা হৈছে। প্ৰথমে আদানি গ্ৰুপ আৰু আৰ পি-সঞ্জীৱ গোৱেংকা আইপিএলৰ নতুন দল ক্ৰেতাৰ তালিকাত অপ্ৰতিদ্বন্দ্বী হৈ আছিল। পাছলৈ মানচেষ্টাৰ ইউনাইটেডৰ গৰাকী গ্লেজাৰ ফেমিলীয়ে দল ক্ৰয়ৰ আগ্ৰহ প্ৰকাশৰ খবৰে প্ৰতিযোগিতা কঠিন কৰি তুলিছিল। এতিয়া ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দল ক্ৰয়ৰ বাবে ডাক লগাব বুলি খবৰ প্ৰকাশ পাইছে।


বলীউডৰ বাদশ্বাহ শ্বাহৰূখ খান, প্ৰীতি জিণ্টা আৰু জুহি চাওলা আইপিএলৰ লগত জড়িত হৈ আছে আৰু এতিয়া ৰণবীৰ-দীপিকাৰ অন্তৰ্ভুক্তি কোনো আশ্চৰ্যকৰ কথা নহ’ব। উল্লেখ্য যে দীপিকাৰ পিতৃ এগৰাকী বেডমিণ্টন খেলুৱৈ আছিল আৰু ৰণবীৰ সিং ইংলিছ প্ৰিমিয়াৰ লীগ আৰু এনবিএ-ৰ ব্ৰেণ্ড এম্বেচাদৰ। যিহেতু ডাক লগোৱা প্ৰক্ৰিয়া এতিয়াও চলি আছে, গতিকে নতুন দল কোনে কিনিব সেইটো এতিয়াই নিৰ্ধাৰণ কৰা কঠিন হ’ব।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular