spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকআলহীৰ ঘৰলৈ গৈছিল কিশোৰী; তাতেই বলি ধৰ্ষণৰ , দুসপ্তাহে কিদৰে গাপ দিয়া...

আলহীৰ ঘৰলৈ গৈছিল কিশোৰী; তাতেই বলি ধৰ্ষণৰ , দুসপ্তাহে কিদৰে গাপ দিয়া হ’ল দুষ্কাৰ্য?

ডিজিটেল ডেস্ক : পূজাৰ আনন্দৰ মাজতে পোহৰলৈ আহিছে এক জঘন্য ঘটনা৷ এগৰাকী ১৫ বছৰীয়া কিশোৰীক এটা পাষণ্ডই ধৰ্ষণ কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ বাকসাৰ চেনীমাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ নূৰ আলী নামৰ এটা পাষণ্ডই ধৰ্ষণ কৰে ১৫ বছৰীয়া কিশোৰীগৰাকীক ৷ দুসপ্তাহ আগতেই সংঘটিত হোৱা এই নাৰকীয় ঘটনাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এই জঘন্য ঘটনা সংঘটিত কৰি পলাতক হৈ আছে অভিযুক্ত নূৰ৷


ঘটনাৰ সবিশেষ অনুসৰি, চেনীমাৰা গাঁৱৰ আলহীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল কিশোৰী গৰাকী৷ তাতেই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰে অভিযুক্ত নূৰে৷ ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ কিশোৰীগৰাকীৰ ধৰ্ষণ কৰে নূৰে৷ ইপিনে কথাটো আনক নক’বলৈও ভয় ভাবুকিও দিশে কিশোৰীগৰাকীক৷ তাৰপাছত ভুক্তভোগী কিশোৰীগৰাকীক ডিঙি হত্যাৰ চেষ্টাও চলায় অভিযুক্ত নূৰে৷

আনহাতে, পৰিয়ালৰ অভিযোগ অনুসৰি, এতিয়ালৈ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷ আনহাতে, নিৰ্যাতিতা কিশোৰীগৰাকীক ন্যায় প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে৷ এই সন্দৰ্ভত তামুলপুৰ থানাত এটা গোচৰ ৰুজু হৈছে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় লোক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular