Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড, চাৰি লম্পটৰ যৌন আতিশয্য মহিলাক

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড, চাৰি লম্পটৰ যৌন আতিশয্য মহিলাক

বকো : ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য ধৰ্ষণ কাণ্ড৷ টকা ধাৰে দিয়াৰ প্ৰলোভন দি এগৰাকী মহিলাক চাৰি পাষণ্ডই মিলি ওৰে নিশা চলালে ধৰ্ষণ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ জাওকাটাদিয়াত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড৷

উল্লেখ্য যে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওকাটা দিয়াৰ আব্দুল মান্নান, সংসেৰ আলী আৰু মজিদ আলী নামৰ তিনি পাষণ্ডই প্ৰথমে মহিলাগৰাকীক নিশা পথাৰলৈ মাতি নি মৰাপাট খেতিৰ মাজত বলাৎকাৰ কৰে৷ তাৰ পাছতেই একে গাঁৱৰে হবিবৰ ৰহমান নামৰ বৃদ্ধ লোক এজনৰ ঘৰলৈ মহিলাগৰাকীক লৈ যায়৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীক হবিবৰ ৰহমানৰ ঘৰত থাকিবলৈ দিয়ে যদিও হবিবৰ ৰহমানেও নিশা মহিলাগৰাকীৰ যৌন আতিশয্য চলায়৷ পাছত উপায়হীন হৈ মহিলাগৰাকীয়ে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত হবিবৰ ৰহমানক আটক কৰি লৈ আনে যদিও তিনি পাষণ্ড আব্দুল মান্নান, মজিদ আলী আৰু সংসেৰ আলী পলাতক হৈ আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular