spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকঅসমৰ শিক্ষাৰ্থীৰ বিৰল কৃতিত্ব : অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশেষ পাঠ্যক্ৰমলৈ নিৰ্বাচিত অৰণি...

অসমৰ শিক্ষাৰ্থীৰ বিৰল কৃতিত্ব : অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশেষ পাঠ্যক্ৰমলৈ নিৰ্বাচিত অৰণি এছ হাজৰিকা

ডিজিটেল ডেস্ক : অসমৰ এগৰাকী কৃতী শিক্ষাৰ্থীয়ে লাভ কৰিছে এক বিৰল সুযোগ। বিহুৰ আনন্দ-উৎসৱৰ মাজতে এই সুখবৰ প্ৰকাশ পাইছে। অৰণি এছ হাজৰিকা নামৰ গুৱাহাটীৰ এই শিক্ষাৰ্থীগৰাকীয়ে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এক বিশেষ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাল্লিঅ’ল কলেজৰ এক পাঠ্যক্ৰমৰ বাবে তেওঁ নিৰ্বাচিত হৈছে। তেওঁ এই মহাবিদ্যালয়ত দক্ষিণ এছিয়াৰ ধ্ৰুপদী ভাষাৰ শিক্ষা গ্ৰহণ কৰিব।

নুনমাটিৰ আনন্দ নগৰ অঞ্চলৰ বাসিন্দা এইগৰাকী মেধাৱী ছাত্ৰীয়ে সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহণ কৰিব অক্সফ’ৰ্ডৰ অন্তৰ্গত কলেজখনত। হ’লী চাইল্ড স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিছিল অৰণি এছ হাজৰিকাই। ১৭ বছৰীয়া ছাত্ৰী গৰাকীয়ে বিশ্বৰ প্ৰথম স্থানৰ বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা চাৰিটাকৈ কঠিন সাক্ষাৎকাৰত নিজৰ মেধাৰ পৰিচয় দি এই সুবৰ্ণ সুযোগ লাভ কৰিছে। অৰণিয়ে ২০২২ বৰ্ষৰ পৰা আৰম্ভ হ’বলগীয়া ৩বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত সংস্কৃত ভাষাত অধ্যয়নৰ সুযোগ লাভ কৰিছে।

বিশ্বৰ অন্যতম লেখত ল’বলগীয়া বিশ্ববিদ্যালয়খনত সাধাৰণতে স্নাতকোত্তৰ, এম ফিল বা পি এইচ ডিৰ বাবে অসমৰ শিক্ষাৰ্থীয়ে অধ্যয়নৰ সুযোগ পোৱাতো অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। উল্লেখ্য যে, ১২৬৩চনতে স্থাপন হোৱা বাল্লিঅ’ল কলেজ অক্সফ’ৰ্ড মনোনীত অন্যতম পুৰণি কলেজ। এনে অখন গৰিমামণ্ডিত মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ পাই অৰণি উৎফুল্লিত হৈ পৰা বুলি মন্তব্য কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, সৰুৰে পৰাই তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰ সপোন পুহি ৰাখিছিল আৰু তেওঁ হিন্দু ধৰ্মৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ জৰিয়তে তেওঁৰ এই সপোনে সাকাৰ ৰূপ লাভ কৰিলে।

শিক্ষাৰ্থীগৰাকীয়ে লগতে কিদৰে এনে ‘অ’ৰিয়েণ্টেল এণ্ড ৰিলিজিয়ন ষ্টাডিজ’ৰ বাবে এগৰাকী শিক্ষাৰ্থী অগ্ৰসৰ হ’ব পাৰে সেই সম্পৰ্কতো বিতং তথ্য সদৰি কৰে। অৰণিয়ে তেওঁৰ ৰচনা মহাবিদ্যালয়ত দাখিল কৰাৰ পাছতে বিভিন্ন পৰ্যায়ৰ সাক্ষাৎকাৰৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছিল মহাবিদ্যালয়খনে। তাৰ পাছতে সংস্কৃত ভাষাত অৰিয়েণ্টেল ষ্টাডিজৰ বাবে তেওঁক প্ৰস্তৱ দিয়া হয়। উল্লেখ্য যে, আৰ্নিৰ জীৱনৰ লক্ষ্য হৈছে এগৰাকী গৱেষক হোৱা আৰু এগৰাকী ভাল লেখক হোৱা।

অৰণি জ্যেষ্ঠ সাংবাদিক তথা ‘দ্য অসম ট্ৰিবিউন’ কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতীম হাজৰিকা আৰু বাস্তু বিশেষজ্ঞ সুদক্ষিণা ভূঞাৰ কন্যা। কন্যাৰ সাফল্যত স্বাভাৱিকতে সুখী পিতৃ-মাতৃ। সাক্ষাৎকাৰৰ সময়ছোৱাত কেইবাগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাষাবিদ, প্ৰাচ্যতত্ববিদ, বৌদ্ধ আৰু খ্ৰীষ্ট ধৰ্ম আৰু সংস্কৃত ভাষাৰ পণ্ডিত গৱেষকে ছাত্ৰী গৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।

নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ১১ তাৰিখে চূড়ান্ত ফলাফল ঘোষণা কৰাৰ সময়লৈকে প্ৰায় ৪ মাহ কাল ছাত্ৰী গৰাকীয়ে কেইবাটাও প্ৰত্যাহ্বানমূলক পাঠ্যক্রমভিত্তিক কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। মনকৰিবলগীয়া যে, পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰায় ২৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবছৰে এই বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন কৰে আৰু বিশ্ববিদ্যালয়খনে ইয়াৰ মাজৰ পৰা মাত্ৰ ৪০০০ ছাত্ৰ-ছাত্ৰীকহে মেধাৰ ভিত্তিত নামভৰ্তিৰ সুযোগ প্ৰদান কৰে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular