spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াভাৰতীয় দল এতিয়া অতীত! হৰেক ৰকমৰ অফাৰ আহিছে শাস্ত্ৰীলৈ…

ভাৰতীয় দল এতিয়া অতীত! হৰেক ৰকমৰ অফাৰ আহিছে শাস্ত্ৰীলৈ…

নতুন দিল্লীঃ টি-২০ বিশ্বকাপৰ পাছত ভাৰতীয় দলৰ প্ৰশিক্ষক পদৰ পৰা অব্যাহতি ল’ব ৰবি শাস্ত্ৰীয়ে। ভাৰতীয় দলৰ পৰা প্ৰস্থানৰ কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে শাস্ত্ৰীলৈ আহিছে ভাল খবৰ। এইবাৰ আইপিএলৰ বিভিন্ন ফ্ৰেঞ্চাইজীৰ পৰা ইতিমধ্যে প্ৰস্তাৱ লাভ কৰা আৰম্ভ কৰিছে ভাৰতীয় দলৰ মূখ্য প্ৰশিক্ষকগৰাকীয়ে। জানিবলৈ পোৱা মতে, আহমেদাবাদ ফ্ৰেঞ্চাইজীয়ে মূখ্য প্ৰশিক্ষক হিচাপে বিচাৰিছে ৰবি শাস্ত্ৰীক। অৱশ্যে, শাস্ত্ৰীৰ ফালৰ পৰা প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে লাভ কৰা নাই কোনো উত্তৰ। এই মুহূৰ্তত ভাৰতীয় দলৰ সৈতে ব্যস্ত হৈ আছে শাস্ত্ৰী। গতিকে,আইপিএলৰ প্ৰস্তাৱৰ বিষয়ে ভাবিবলৈ অনিচ্ছুক তেওঁ।

উল্লেখ্য যে,যদিহে শাস্ত্ৰীয়ে এই প্ৰস্তাব মানি লয় তেতিয়া আইপিএলত প্ৰশিক্ষক হিচাপে এয়া তেওঁৰ প্ৰথম কাৰ্যকাল হ’ব। ধাৰাভাষ্যকাৰ শাস্ত্ৰীক পুনৰ প্ৰশিক্ষক হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে। যদি আইপিএল দলত যোগদান কৰে তেন্তে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ভাষ্যকাৰ হিচাপে কাম কৰিব নোৱাৰিব। অৱশ্যে, ভিভিএছ লক্ষ্মণৰ দৰে আইপিএল দলৰ সৈতে জড়িত থাকিলেও আন এটা সম্প্ৰচাৰ চেনেলৰ বাবে কাম কৰিব পাৰিব শাস্ত্ৰীয়ে। চিভিচিয়ে বিশ্বৰ বিভিন্ন ক্ৰীড়াৰ সৈতে জডি়ত। সেই অভিজ্ঞতাৰ পৰাই তেওঁলোকে দলটো গঢ়ি তোলাত ৰবি শাস্ত্ৰীৰ দৰে পেছাদাৰী তথা অভিজ্ঞ প্ৰশিক্ষকক ল’ব বিচাৰিছে। চিভিচি গোটে এতিয়ালৈকে শাস্ত্ৰীৰ পৰা কোনো সদোত্তৰ নাপালেও,তেওঁক লৈ আশাবাদী প্ৰতিষ্ঠানটো।আগন্তুক আইপিএলৰ ফ্ৰেঞ্চাইজীৰ ক্ষেত্ৰত বহুতো সাল সলনি হোৱাৰ সম্ভাৱনা আছে। ২০২২ৰ আইপিএলত মুঠ ১০টা দল থাকিব। লক্ষ্ণৌ আৰু আহমেদাবাদ নামে দুটা নতুন দল অন্তৰ্ভুক্ত কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular