spot_img
25 C
Guwahati
Wednesday, September 29, 2021
Homeক্ৰীড়াসুৰংগৰ সিটোপাৰে আছে পোহৰ, বিশ্বকাপৰ ট্ৰাম্প কাৰ্ড অশ্বিন

সুৰংগৰ সিটোপাৰে আছে পোহৰ, বিশ্বকাপৰ ট্ৰাম্প কাৰ্ড অশ্বিন

নতুন দিল্লীঃ ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশত সুযোগ লাভ নকৰাৰ বাবে বিষয়টো চৰ্চিত হৈ পৰিছিল । অৱশ্যে ইংলেণ্ডৰ প্ৰথম একাদশত স্থান লাভ নকৰিলেও টি-২০ বিশ্বকাপত স্থান লাভ কৰিছে অশ্বিনে। ৰবিচন্দ্ৰন অশ্বিনে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দলত সুযোগ লাভ কৰিছে। বিচিচিআইৰ ঘোষণাৰ পাছত স্বাভাৱিকতে সুখী খেলুৱৈগৰাকী। টি-২০ বিশ্বকাপত সুযোগ পোৱাৰ লগে লগে অশ্বিনে টুইটাৰ যোগে মনৰ অনুভৱ ব্যক্ত কৰিছে। সম্প্ৰতি ভাইৰেল হৈ পৰিছে অশ্বিনৰ টুইটাৰ পোষ্ট।

বিষয়টোও যথেষ্ট গুৰুত্বপূৰ্ণ। দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ হৈ টি-২০ খেলা নাই অলৰাউণ্ডাৰ অশ্বিনে। ২০১৭ চনতে অন্তিমখন টি-২০ত অংশগ্ৰহণ কৰিছিল তেওঁ। অশ্বিনে এটা নতুন সুযোগ পোৱাৰ পাছত টুইটাৰত এখন ফটো পোষ্ট কৰিছিল। টুইটাৰযোগে তেওঁ সদৰী কৰে যে, ‘২০১৭ চনত মই এই বাক্যশাৰী দেৱালত লিখাৰ আগতে একাধিক বাৰ মোৰ ডায়েৰীত লিখিছিলো। আমি পঢ়া অনুপ্ৰেৰণামূলক বাণীসমূহ যথেষ্ট শক্তিশালী। বাণীবোৰ এবাৰ পঢ়াৰ পাছত, আমি ইয়াক আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে। ‘সুখ’ আৰু ‘কৃতজ্ঞতা’ এই দুটা শব্দৰ জৰিয়তে মই মোৰ অনুভূতি প্ৰকাশ কৰিবলৈ অপাৰগ।’

অশ্বিনে পোষ্ট কৰা ছবিখনত লিখা আছিল যে, ‘প্ৰতিটো সুৰংগৰ শেষত পোহৰ আছে। কিন্তু সুৰংগটোৰ শেষত পোহৰ পোৱা যাব বুলি বিশ্বাস কৰা সকলেহে জীয়াই থাকিব পাৰে।’ উল্লেখ্য যে, আই পি এলত উন্নত বলিং কৰাৰ বাবে অশ্বিনক টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাই প্ৰকাশ কৰিছে।তেওঁ কয়, ‘ ৰবিচন্দ্ৰন অশ্বিনে নিয়মীয়াকৈ আই পি এল খেলি আছে। তেওঁৰ প্ৰদৰ্শন অতি উন্নত।দলটোৱে বিশ্বকাপ খেলিলে এজন অফ স্পিনাৰ লাগিবই। সকলোৱে জানে যে ইউ.এ.ই.ত উইকেটৰ গতি হ্ৰাস হয়। স্পিনাৰসকলে সেই পিটছত সুবিধা লাভ কৰিব। গতিকে আমি ভাবো অফ স্পিনাৰসকল প্ৰতিখন খেলৰ বাবে ‘ট্ৰাম্প কাৰ্ড’ হ’ব।’ ভাৰতীয় দল তথা ক্ৰীড়ানুৰাগীৰ গভীৰ প্ৰত্যাশাক অশ্বিনে বাস্তৱৰূপত কিদৰে প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
25 ° C
25 °
25 °
94 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular