spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়ামেকুৰীৰ ডিঙিত কিয় টিলিঙা আৰিছিল অশ্বিনে? পোহৰলৈ আহিছে বিস্ফোৰক খবৰ

মেকুৰীৰ ডিঙিত কিয় টিলিঙা আৰিছিল অশ্বিনে? পোহৰলৈ আহিছে বিস্ফোৰক খবৰ

নতুন দিল্লীঃ সাম কটা নাই ‘বিৰাট’ বিবাদ। নিতৌ ন ন তথ্য পোহৰলৈ আহিয়েই আছে। কিছুদিন পূৰ্বে টি-২০ বিশ্বকাপৰ পাছত অধিনায়ক পদ ত্যাগৰ কথা ঘোষণা কৰিছিল বিৰাট কোহলীয়ে। টি-২০ বিশ্বকাপৰ দল নিৰ্বাচনতো কোহলীৰ মতামতক যে প্ৰাধান্য দিয়া হোৱা নাছিল সেয়াও দল নিৰ্বাচনৰ সময়তে স্পষ্ট হৈ পৰিছিল। কোহলীয়ে অধিনায়ক পদ ত্যাগ কৰিম বুলি কোৱাৰ পাছতে সৰ্বত্ৰে আলোড়নৰ সৃষ্টি হৈছিল। একাংশৰ মতে কোনো প্ৰাক্তন ক্ৰিকেটাৰে ব’ৰ্ডৰ সচিব জয় শ্বাহৰ ওচৰত আপত্তি দৰ্শোৱা বুলি তুমুল আলোচনা হৈছিল। সেই সময়ত কোনে কোহলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল সেয়া পোহৰলৈ নাহিলেও আইপিএল চলাকালীন সময়ত পোহৰলৈ আহিছে অতদিনে গোপনে থকা বিস্ফোৰক খবৰ।

কোহলীৰ বিৰুদ্ধে অভিযোগ তৰিছিল অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে। কামৰ বোজা কম কৰাৰ উদ্দেশ্যেই বিৰাটে নেতৃত্ব এৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছিল। আনহাতে অশ্বিনৰ অভিযোগ, বিৰাট কোহলীৰ বাবে নিৰাপত্তাহীনতাত ভুগিছিল অশ্বিন। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অশ্বিনে প্ৰথম একাদশত স্থান লাভ কৰিলেও ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৪খন খেলতে দলৰ পৰা বাহিৰত ৰখা হৈছিল অশ্বিনক। বিষয়টো ক্ৰিকেট এৰিনাতো বিশেষভাৱে চৰ্চিত হৈছিল। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো অশ্বিনৰ ওপৰত কোহলীৰ ভৰষা নথকাৰ অভিযোগ খেলুৱৈগৰাকীৰ। উল্লেখ্য যে, সীমিত অ’ভাৰৰ খেলতো দীৰ্ঘসময়ৰ পৰা আঁতৰি আছে অশ্বিন। যি কি নহওক কোহলীৰ বিদায় বেলাৰ সমাগত সময়ত চেগ চাই কঠিয়া পেলাইছে নেকি অশ্বিনে? নে দলত স্থান নোপোৱাৰ বাবে বিৰক্ত হৈ পৰিছে কোহলীৰ ওপৰত। শেহতীয়াকৈ ক্ৰীড়াপ্ৰেমীৰ মনত তেনে প্ৰশ্নৰে উদয় হোৱা দেখিবলৈ পোৱা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular