spot_img
33 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeক্ৰীড়া‘হ’টেষ্ট গাই’ : ইনষ্টাগ্ৰামত কোন কাক কৰিলে ট্ৰ’ল ?

‘হ’টেষ্ট গাই’ : ইনষ্টাগ্ৰামত কোন কাক কৰিলে ট্ৰ’ল ?

নতুন দিল্লীঃ ইনষ্টাগ্ৰামত ফটো আপলড কৰি ট্ৰ’লৰ ভুক্তভোগী ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল। চাহালক ট্ৰ’ল কৰিছে সতীৰ্থ ৰবীন্দ্ৰ জাদেজাই। সামাজিক মাধ্যমত অতি সক্ৰিয় চাহাল ইতিমধ্যে তেওঁৰ পত্নী ধনশ্ৰী বৰ্মাৰ সৈতে বিভিন্ন সময়ত সামাজিক মাধ্যমত ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰাতো নতুন কথা নহয়। শেহতীয়াকৈ চাহাল পত্নীয়ে এখন ছবি আপলড কৰিছিল ইনষ্টাগ্ৰামত। ছিবখনৰ কেপচন আছিল ‘তোমাৰ যি ইচ্ছা তাকে কৰা।’

ফটোখন পোষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। অনুৰাগীৰ লাইক আৰু কমেন্ট বাৰিষাৰ বান অহাদি বাঢ়ি আহিছিল। বিভিন্নজনে ধেমেলীয়া মন্তব্যও কৰিছে। ইয়াৰ মাজতে সতীৰ্ত ৰবীন্দ্ৰ জাদেজাই ‘হ’টেষ্ট গাই’ বুলি ট্ৰ’ল কৰিছে চাহালক।চাহালে আই পি এল টুৰ্ণামেণ্টত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলিব। চাহালৰ দলটো এতিয়াও ইউ.এ.ই. লৈ ৰাওনা হোৱা নাই। গতিকে এতিয়া তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আছে। চাহালে ইয়াৰ পূৰ্বে শ্ৰীলংকা ভ্ৰমণত শেষবাৰৰ বাবে খেলপথাৰত অৱতীৰ্ণ হৈছিল। ভাৰতে এদিনীয়া শৃংখলাটো ২-১ৰ ব্যৱধানত জয়লাভ কৰিছিল। আনহাতে, ৰবীন্দ্ৰ জাদেজা সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
58 %
1.5kmh
40 %
Thu
31 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular