বিশিষ্ট লেখক, বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ মৃত্যু : মৰণোত্তৰভাৱে দেহ আৰু নেত্ৰদান ৰায়চৌধুৰীৰ

গুৱাহাটী : বিশিষ্ট লেখক, বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ শুকুৰবাৰে পুৱা ৩ বাজি ৫০মিনিটত গুৱাহাটীৰ চানমাৰিৰ গৃহত দেহাৱহান ঘটে৷  যুক্তিবাদী আৰু বিজ্ঞানমনস্ক আছিল লেখকগৰাকীয়ে মৰণোত্তৰভাৱে দেহ আৰু নেত্ৰদান কৰি থৈ গৈছে৷ মৃত্যুৰ সময়ত ৰায়চৌধুৰীৰ বয়স আছিল ৯৪ বছৰ৷

 

আৰু পঢ়িব পাৰিব :আৰক্ষীলৈ শিলগুটি নিক্ষেপ : লকডাউন উলংঘা কৰি মছজিদত নামাজৰ বাবে একত্ৰিত একাংশ

 

১৯৬৭ৰ পৰা ‘নীলাচল’, ‘মণিদীপ’, ‘অসমীয়া’, ‘আৱাহন’ত আদি সামাজিক বিষয়ত লেখা-মেলা আৰম্ভ কৰা ৰায়চৌধুৰীয়ে কেইবাখনো গ্ৰন্থৰ ৰচনা কৰি থৈ গৈছে৷ ইয়াৰ ভিতৰত ‘অসমত বাংলাদেশী’, ‘অসমীয়া সমাজ আৰু নৱবৈষ্ণৱবাদ’ উল্লেখিত৷ ১৯২৬ চনৰ ২৭ আগষ্টত জন্ম হোৱা ৰায় চৌধুৰীয়ে ১৯৭১ৰ পৰা ‘নতুন পৃথিৱী’ৰ সম্পাদনা কামত জড়িত হৈ আছিল৷

 

আৰু পঢ়িব পাৰিব : ১,৪০০ কিলোমিটাৰ গাড়ীৰে আহি ঋষি কাপুৰ অন্ত্যোষ্টিক্ৰিয়াত উপস্থিত কন্যা ৰিদ্ধিমা

 

ইপিনে তেওঁ নতুন সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সদস্যও আছিল৷ চীনাৰ অত্যাচাৰক আধাৰ কৰি উপন্যাস ৰচনা কৰাৰ লগতে ৰায়চৌধৰীয়ে ট্ৰেড ইউনিয়নৰ আন্দোলনত জড়িত হৈ বহুবাৰ কাৰাবাস খাটিব লগা হৈছিল৷ CPI(M)ৰ প্ৰবীণ সদস্যও আছিল চিন্তাবিদ ৰায়চৌধুৰী৷

 

অসমৰ দৈনন্দিন  নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টি ভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close