হাজোত আঞ্চলিক গণমৰ্চাৰ সাধাৰণ সভা, ডেৰ-শতাধিকৰ যোগদান

হাজোঃ হাজোত আঞ্চলিক গণমৰ্চাৰ সাধাৰণ সভা। সভাত ডেৰ-শতাধিক বিভিন্ন দলৰ সদস্যৰ দলটোত যোগদান। হাজোৰ মনাহকুছিত অনুষ্ঠিত সভাখনত অংশ লয় দলটোৰ আহ্বায়ক ক্ৰমে মনজিৎ মহন্ত আৰু লাচিত বৰদলৈ। মৰ্চাৰ অন্যতম আহ্বায়ক দিগন্ত বৰাৰ নেতৃত্বত অনুষ্ঠিত সভাখনত বিজেপি দল তথা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে আহ্বায়ক মনজিৎ মহন্ত আৰু লাচিত বৰদলৈয়ে।

আৰু পঢ়িব পাৰিব :‘আল্লাহু আকবৰ’ ধ্বনি দি গীৰ্জাত মহিলাৰ শিৰচ্ছেদ সন্ত্ৰাসবাদীৰ

অগপ দলক বিজেপিৰ নেগুৰত ধৰি চলা দল বুলি তাচ্চিল্য কৰে। তদুপৰি শ্বেৰমান আলীৰ মিয়া মিউজিয়াম বিতৰ্ক আৰু আজমলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিজেপিৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে তেওঁলোকেই সৃষ্টি কৰা অযথা বিতৰ্ক বুলি কয় আহ্বায়ক মনজিৎ মহন্তই।

আৰু পঢ়িব পাৰিব :আইচিইউতো সুৰক্ষিত নহয় নাৰী! যৌন নিৰ্যাতনৰ জঘন্য ঘটনা পোহৰলৈ

কিয়নো ইতিমধ্যেই এই আই ইউ ডি এফে দলৰ ফালৰপৰা কোনোকালেই আজমল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় বুলি বিবৃত্তি দিয়াৰ পাছতো কিহৰ কাৰণে বিজেপিয়ে এই ইচ্ছুটো বাৰে বাৰে টানি আনে বুলি প্ৰশ্ন কৰে আহ্বায়কদ্বয়ে।

Show More

Related Articles

Back to top button