বিপদ বাঢ়িছে ৰিয়াৰ! পিতৃ-ভাতৃ সহিতে আজি পুনৰ ইডিৰ জেৰা

নতুন দিল্লী : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পাছত দিনে দিনে বিপদ বাঢ়িছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ। প্ৰয়াত অভিনেতাজনৰ একাউণ্টৰ পৰা ৰহস্যজনকভাৱে ১৫ কোটি টকা হৰলুকি কৰাৰ সন্দেহত তেওঁৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে দিছিল গোচৰ।

আৰু পঢ়িব পাৰিব: হাজোত শ্ৰমিকৰ ওপৰত দুর্বৃত্তৰ আক্ৰমণ : গুৰুতৰভাৱে আহত ৮

এই গোচৰৰ তদন্তৰ খাতিৰতে ৰিয়া চক্ৰৱৰ্তী বাৰে বাৰে জেৰাৰ সন্মুখীন হৈছে একাধিক তদন্তকাৰী সংস্থাৰ। আজি পুনৰ ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ দুজন সদস্যক ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ‘মানী ল’ণ্ডেৰিং’ৰ গোচৰত ৰিয়াক সোধা-পোছা কৰিব।

আৰু পঢ়িব পাৰিব: হংকঙত চীনৰ দমন নীতি আৰম্ভ! গণতন্ত্ৰ সমৰ্থক জিমী লাইক গ্ৰেপ্তাৰ

ৰিয়াৰ উপৰি তেওঁৰ ভাতৃ শ্ব’ৱিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীক আজি জেৰা কৰিব ইডি-এ। সংস্থাটোৱে সুসান্তৰ এজন বন্ধুৱ সিদ্ধাৰ্থ পিথানীলৈও চমন জাৰি কৰিছে। ইডিয়ে আজি দ্বিতীয়বাৰলৈ ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পিতৃক জেৰা কৰিব। উল্লেখ্য যে, বিগত শুকুৰবাৰে ৰিয়াক সংস্থাটোৱে ৯ ঘণ্টাৰো অধিক সময় ধৰি জেৰা কৰিছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES