spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়ানেইমাৰ নষ্ট ল’ৰা! বিতৰ্কিত মন্তব্য কৰি শ’লঠেকত প্ৰাক্তন তাৰকা?

নেইমাৰ নষ্ট ল’ৰা! বিতৰ্কিত মন্তব্য কৰি শ’লঠেকত প্ৰাক্তন তাৰকা?

নতুন দিল্লীঃ ব্ৰাজিলিয়ান ছুপাৰষ্টাৰ নেইমাৰে আগৰ দৰে ভাল ফুটবল খেলা নাই বুলি দাবী কৰিছে পিএছজিৰ প্ৰাক্তন ফুটবলাৰ এডুয়াৰ্ড চিছে। নেইমাৰৰ বিষয়ে নেতিবাচক মন্তব্য কৰি শিৰোনামত প্ৰাক্তন ফুটবলাৰ চিছে। তেওঁ কয়, ‘ নেইমাৰে পিএছজিত যোগদান কৰাৰ পাছৰে পৰা আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাব পৰা নাই। বাস্তৱতে নষ্ট ল’ৰা হৈ পৰিছে নেইমাৰ। ব্ৰাজিলিয়ান তাৰকাজনে বাৰ্চিলোনা ক্লাৱৰ হৈ অধিক উন্নত ফুটবল খেলিছিল। চিছে শেহতীয়াকৈ ফৰাচী সংবাদ মাধ্যম লা পেৰিছিয়ানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেইমাৰৰ বিষয়ে এনে মন্তব্য কৰিছে।

তেওঁ লগতে কয়, ‘ বাৰ্চিলোনাত নেইমাৰৰ খেল চালে চকুৰোৱা আছিল। বাৰ্চিলোনা ক্লাৱৰ হৈ ৰক্ষণাত্মক খেলিছিল নেইমাৰে কিন্তু পিএছজিয়ে তেওঁক যি বিচাৰে সেয়া কৰিবলৈ অনুজ্ঞাপত্ৰ দিয়াৰ পাছতো ফল ধৰা নাই। মই জানো, নেইমাৰ এজন উৎকৃষ্ট খেলুৱৈ। কিন্তু এতিয়া নেইমাৰ এজন নষ্ট ল’ৰা হৈ পৰিছে ।’ উল্লেখ্য যে, একাংশই চিছৰ মন্তব্যৰ সৈতে সহমত পোষণ কৰিছে। বিপৰীতে একাংশই সমালোচনা কৰিছে চিছৰ মন্তব্যক। স্মৰ্তব্য যে, চলিত ছিজনত নেইমাৰৰ প্ৰদৰ্শন হতাশাজনক বুলিয়েই ক্ৰীড়ামহলত চৰ্চা লাভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত নেইমাৰে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular