spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকৰিভেৰিয়া কাণ্ড : ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী গুলীবিদ্ধ

ৰিভেৰিয়া কাণ্ড : ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী গুলীবিদ্ধ

গুৱাহাটী : গুৱাহাটীৰ বহু সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে সেৱন কৰে নিষিদ্ধ কোকেইন। ৰিভেৰিয়া কাণ্ডৰ আৰক্ষীৰ তদন্তৰ পাছতেই উন্মোচিত হৈছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য। তাৰ মাজতেই ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ হাতত গুলীবিদ্ধ হয়৷

লতাশিল আৰক্ষীৰ জিম্মাত আছিল অভিযুক্ত বিশাল চৌধুৰী৷ খাৰঘুলিত ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত আছিল বিশাল৷ পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ বিশালৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ জানিব পৰা মতে, দুটাকৈ গুলী লাগিছে বিশালৰ ভৰিত৷

ইতিমধ্যেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে বিশাল চৌধুৰীক৷ কিছুদিন পূৰ্বে ক’কেইন যোগান ধৰাৰ বাবে দিল্লীত গ্ৰেপ্তাৰ হৈছিল বিশাল৷ উল্লেখ্য যে, ৰেভ পাৰ্টীৰে জড়িত ৰিলিম ৰাণা চৌধুৰী নামৰ আন এজনক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গুৱাহাটীৰ জটিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিলিমক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular