spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকনিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমনিয়ে : সাংসদ তপন গগৈৰ স্বপ্ন ভংগ

নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমনিয়ে : সাংসদ তপন গগৈৰ স্বপ্ন ভংগ

শিৱসাগৰ : শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰ মৈয়ামৰা সন্দিকৈ গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা এগৰাকী যুৱতী৷ দীৰ্ঘদিনে এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীয়ে বুধবাৰে পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ অতি দৰিদ্ৰ পৰিয়ালৰ মেধা সম্পন্ন যুৱতী ৰিতুমণি হাজৰিকা বিগত চাৰিমাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল।

বোকানগৰ মৈৰামৰা সন্দিকৈ গাঁৱৰ লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান ৰিতুমণি। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰাত বিছনাতে পৰি ৰৈছিল ৰিতুমণি। ইয়াৰ পাছতেই সাংসদ তপন কুমাৰ গগৈয়ে চিকিৎসাৰ দায়িত্ব বহন কৰি ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰ নাচিং হোমলৈ প্ৰেৰণ কৰিছিল ৰিতুমণিক। ৰাইজেও দান বৰঙণি সংগ্ৰহ কৰি ৰিতুমণিৰ চিকিৎসাৰ বাবে সহায় কৰিছিল।

উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপ’ল হাস্পতালটো চিকিৎসাৰ ব্যৱস্থা কৰিছিল সাংসদগৰাকীয়ে৷ তেঁও কয়, “ৰিতুমণিৰ মৃত্যুৰ খবৰটোৱে মোক বাকৰুদ্ধ কৰি পেলাইছে। তাইক সম্পূৰ্ণৰূপে সুস্থ কৰাৰ যি সপোন আছিল, সেই সপোন বাস্তৱায়িত নহ’ল। “
চিকিৎসাৰ মাজতে ৰিতুমণিয়ে খোজ কাঢ়িবলৈও লোৱা, নিজেই কাপোৰ পিন্ধিব পৰা অৱস্থালৈ আহিছিল যদিও নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular