spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকনৱমীৰ আনন্দৰ মাজতেই ৰাজপথত মৃত্যুৰ বিভীষিকা…

নৱমীৰ আনন্দৰ মাজতেই ৰাজপথত মৃত্যুৰ বিভীষিকা…

ডিজিটেল ডেস্ক : দুৰ্গাপূজাৰ উলাহৰ মাজতেই ৰাজ্যৰ বিভিন্ন স্থানত নৱমীৰ নিশা সংঘটিত হয় কেইবাটাও পথ-দুৰ্ঘটনা৷ নৱমীৰ আনন্দ উল্লাসৰ মাজতে নিশা দুধনৈত সংঘটিত হয় পথ-দুৰ্ঘটনা৷ দুধনৈত একেটা নিশাতে ক্ৰমে- ডাবলি, দামৰা আৰু আমজোঙাত পৃথকে পৃথকে তিনিটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ডাবলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত৷ এখন পালচাৰ বাইক আৰু এখন বলেৰো বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যুক আকোঁৱালি লয় বাইক আৰোহী তীৰ্থৰাজ পল নামৰ ৰংচাইৰ এগৰাকী যুৱকে৷ এই দুৰ্ঘটনাটোত আহত হয় আন এজন যুৱক৷ সংকটজনক অৱস্থাত আহত যুৱকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে৷ কিছুসময় পাছতেই আমজোঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কৰপিঅ’ গাড়ী আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত বিত্তু কৌৰ নামৰ দৰংগিৰিৰ এজন যুৱকো থিতাতে নিহত হয়৷

ইফালে, ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈৰ দামৰাত আন এখন বাইক দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাটোত অন্য এজন যুৱক গুৰুতৰভাৱে আহত হয়। তেওঁক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়৷ আনহাতে কৰিমগঞ্জতো নিশা সংঘটিত হয় পথ-দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই দুটা বাসগৃহত খুন্দিয়ায় এখন বাহনে৷ কথমপি প্ৰাণৰক্ষা বহুকেইজন লোকৰ৷ কৰিমগঞ্জৰ ইনাটপুৰত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি আমালৈ আহিছে৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত ছাফাৰী বাহনখন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular