spot_img
15.8 C
Guwahati
15.8 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিককমলপুৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

কমলপুৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

ডিজিটেল ডেস্কঃ কমলপুৰত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। কমলপুৰ থানাৰ অন্তৰ্গত পানীটেমাত এখন মাৰুতি ভেনে মহতিয়াই নিয়ে ৰতন নাথ নামৰ এগৰাকী ব্যক্তিক।

পানীটেমাৰ সোনাৰাম গেছ এজেঞ্চীৰ ডেলিভাৰী বয় হিচাপে কাম কৰা ৰতন নাথে নিশা কৰ্তব্য শেষ কৰি গৃহাভিমুখে গৈ আছিল। বিপৰীত দিশৰ পৰা অহা এ এছ ২৫ এন ৭৭১১ নম্বৰৰ মাৰুতি ভেন এখনে ৰতন দাসক খুন্দিওৱাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ ৰতন নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয় পোৱাৰ আগতে ৰতন দাসৰ মৃত্যু হয়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ভেনখনৰ চালকজন। দুৰ্ঘটনা সংঘটিত কৰা ভেনখনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অবৈধভাবে বিলাতী সুৰাৰ যোগান ধৰি অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আনকি, দুৰ্ঘটনা সংঘটিত কৰাৰ সময়টো সুৰাৰ বটল পোৱা বুলি অভিযোগ আনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular