spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকডাৱৰ বিস্ফোৰণত খহি পৰিল পথ: ক'ত ঘটিল এই ভয়ংকৰ দুৰ্ঘটনা ?

ডাৱৰ বিস্ফোৰণত খহি পৰিল পথ: ক’ত ঘটিল এই ভয়ংকৰ দুৰ্ঘটনা ?

তেজপুৰ : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেচা আৰু নেচিফু অঞ্চলত সংঘটিত হয় ভয়ংকৰ ডাৱৰ বিস্ফোৰণ৷ যাৰ ফলত প্ৰচণ্ড ভূমিস্খলন হয় অঞ্চলটোত । বৰ্ডাৰ ৰোডছৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, বিগত ১৭ছেপ্টেম্বৰৰ মাজনিশা পৰা হোৱা ডাৱৰ বিস্ফোৰণ দেওবাৰে পুৱাভাগলৈ অব্যাহত আছিল ৷ যাৰ ফলত বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ ৫৫ কি. মি. ৰ পৰা ৯৯কি:মি: দূৰত্বৰ ভিতৰত পাঁচটাকৈ স্থানৰ পথ খহাই নিয়াৰ লগতে ২০ টাতকৈ অধিক স্থানত ভূমিস্খলন হয়৷

এই ভয়ংকৰ বিস্ফোৰণৰ বাবে ১৮ছেপ্টেম্বৰৰ পুৱাৰ পৰা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে অঞ্চলটোত। ডাৱৰ বিস্ফোৰণৰ ফলত ভালুকপুঙৰ পৰা টাৱাং, টাৱাঙৰ পৰা ভালুকপুঙ আৰু তেজপুৰ আহিবলগীয়া যানবাহন দুদিন ধৰি পথৰ দাঁতিত আবদ্ধ হৈ পৰে ।

আনহাতে সীমান্ত পথ সংগঠনৰ প্ৰজেক্ট ভৰ্টকৰ ৯৯আৰ চি চিৰ ১৪টাস্ক ফোৰ্চৰ চাৰিগৰাকী বিষয়া,৩০গৰাকী GREFকাৰিকৰী কৰ্মচাৰীয়ে ৭০গৰাকী শ্ৰমিকৰ সহযোগত ১৮ ছেপ্টেম্বৰৰ পুৱাৰ পৰা চলোৱা অভিযানৰ পাছত দেওবাৰে দহ বজাৰ পৰা উক্ত পথ যাতায়তৰ বাবে মুকলি হয় বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular