spot_img
32 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিককি কৌশলেৰে অসমত প্ৰৱেশ কৰে বাংলাদেশী? গ্ৰেপ্তাৰ হোৱা ৰহিংগীয়াৰ বিস্ফোৰক স্বীকাৰোক্তি

কি কৌশলেৰে অসমত প্ৰৱেশ কৰে বাংলাদেশী? গ্ৰেপ্তাৰ হোৱা ৰহিংগীয়াৰ বিস্ফোৰক স্বীকাৰোক্তি

ডিজিটেল ডেস্ক : বিদেশীমুক্ত, অনুপ্ৰৱেশমুক্ত অসমৰ দাবীয়ে অসমৰ ৰাজনৈতিক ইতিহাসত সৃষ্টি কৰিছে ভালেমান ৰক্তাক্ত ইতিহাসৰ। অসম আন্দোলনৰ দীঘলীয়া অস্থিৰতা, প্ৰায় সহস্ৰজনৰ জীৱনপাতেও কিন্তু খিলঞ্জীয়া অসমীয়াৰ এই স্বপ্ন পূৰণ কৰিব পৰা নাই। তাৰ পাছৰ দশকবোৰতো অব্যাহত আছে সংগ্ৰাম, অব্যাহত আছে অনিশ্চয়তা, অস্থিৰতা। কিন্তু ৰোধ হোৱা নাই অনুপ্ৰৱেশ। সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰেও বাধা দিবপৰা নাই অবৈধ অনুপ্ৰৱেশকাৰীক। নিত্য-নতুন কৌশলেৰে অসমত প্ৰৱেশৰ বাট বিচাৰি লৈছে অনুপ্ৰৱেশকাৰীয়ে। পোনতে মূলতঃ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলকেই প্ৰত্যাহ্বান হিচাপে গণ্য কৰি অহা হৈছিল যদিও এতিয়া বাংলাদেশৰ বাটেৰে অসমত অনুপ্ৰৱেশ কৰা ম্যানমাৰৰ ৰহিংগীয়া মুছলমানে সৃষ্টি কৰিছে নতুন প্ৰত্যাহ্বান। কিন্তু কি কৌশলেৰে অব্যাহত আছে অনুপ্ৰৱেশ।

সীমান্তৰ সতৰ্ক প্ৰহৰী, কাঁইটীয়া তাঁৰৰ বেৰ, সজাগ-সতৰ্ক জনগণৰ চকুক ধূলি দি কিদৰে অসমৰ মাটিত ভৰি দিছে অনুপ্ৰৱেশকাৰীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। কিদৰে দালালৰ সহযোগত গোপন পথেৰে অসমত প্ৰৱেশ কৰি আছে বাংলাদেশী নাগৰিকে তাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অসমত জেহাদী কাৰ্যকলাপ চলোৱাৰ বাবে সাজু কৰি প্ৰেৰণ কৰা হৈছে একো একোজন ‘মানৱ বোমা’ সদৃশ অবৈধ নাগৰিকক। সমগ্ৰ ঘটনাৰ কথা পোহৰলৈ আহিছে জিআৰপি-এ গ্ৰেপ্তাৰ কৰা ৰহিংগীয়াৰ জৰিয়তে। জেহাদীৰে সুম্পৰ্কৰ সুবাদতেই অসমলৈ পথ সুগম হৈ পৰিছে এইসকল অবাঞ্চিত আৰু বিপদজনক লোকৰ।

শুকুৰবাৰে নিয়ালৈ হ্স্তান্তৰ কৰা জিআৰপিৰ এই গোচৰৰ জৰিয়তে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। এই সমগ্ৰ চক্ৰৰ মূল মাষ্টাৰমাইণ্ড আমান উল্লাহে অসমত জেহাদী কাৰ্যকলাপ চলাই থকাৰ তথ্য লাভ কৰিছে তদন্তকাৰীয়ে। জেহাদী সংগঠন ARSA ৰ সৈতে আমান উল্লাহৰ পোণপটীয়া সম্পৰ্ক থকাৰো প্ৰমাণ লাভ কৰিছে। জেহাদী কাৰ্যকলাপ চলোৱাৰ বাবেই বাংলাদেশৰ পৰা অসমলৈ সুৰংগেৰে বহু বাংলাদেশীক প্ৰেৰণ কৰাৰ তথ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ। কাঁইটীয়া তাঁৰৰ তলত থকা পানীৰ ডাঙৰ পাইপেৰে অসমত প্ৰৱেশ কৰে বাংলাদেশী নাগৰিকে। শেহতীয়াকৈ পুনৰ অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰোঁতে গ্ৰেপ্তাৰ হোৱা দুজন ভাৰতীয় দালালসহ ৩জন বাংলাদেশীয়ে অনুপ্ৰৱেশৰ এই উদ্বেগজনক ছবিখন স্পষ্ট কৰি তুলিছে।

ভাৰতীয় দালাল চাহাব উদ্দীন আৰক্ষীৰ জালত পৰাৰ পাছত অহৰহ বাংলাদেশী লোকে চাহাব উদ্দীনৰ মোবাইললৈ ফোন কৰাৰ তথ্য ধৰা পেলায় তদন্তকাৰীয়ে। ভাৰতত প্ৰৱেশ কৰাৰ উদ্দেশ্যেৰেই চাহাব উদ্দীনক বাংলাদেশী লোকসকলে ফোন কৰা বুলি প্ৰকাশ পাইছে। ভাৰতীয় দালালৰ এনে কাৰচাজি আৰু অনুপ্ৰৱেশকাৰীৰ নতুন নতুন কৌশল অনুপ্ৰৱেশ ৰোধৰ বাবে দেশে চলাই অহা প্ৰচেষ্টাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তদুপৰি বিশেষ উদ্দেশ্য লৈ অহা এইসকল লোক ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবেও ভাবুকিত পৰিণত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
32 ° C
32 °
32 °
66 %
1.5kmh
75 %
Sat
31 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular