spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াকোহলীক অতিক্ৰম হিটমেনৰ! পৰ্বতসম অভিলেখেৰে ইডেনত উজলিল ৰোহিত

কোহলীক অতিক্ৰম হিটমেনৰ! পৰ্বতসম অভিলেখেৰে ইডেনত উজলিল ৰোহিত

নতুন দিল্লীঃ ভাৰতৰ টি-২০ৰ অধিনায়ক ৰোহিত শৰ্মাই ইতিমধ্যে বহুতো অভিলেখ গঢ়িছে। নিউজিলেণ্ডক হোৱাইট ৱাছ কৰি ইডেন গাৰ্ডেনত ভাৰতে ইতিমধ্যে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে। টি-২০ শৃংখলাত নিউজিলেণ্ডক ধৰাশায়ী কৰা ভাৰতে এইবাৰ সাজু হৈছে টেষ্ট শৃংখলালৈ। প্ৰবল আত্মবিশ্বাসী ভাৰত। ৰোহিত-ৰাহুলৰ যুটীয়া ৰণনীতিত ভাৰতে যে নতুন ছন্দ বিচাৰি পাইছে তাত কোনো সন্দেহ নাই। দলীয় উত্তৰণৰ সমান্তৰালকৈ ক্ৰিকেটাৰ সকলেও গঢ়ি গৈছে অভিলেখ। হৰ্ষল পেটেল, অক্ষৰ পেটেলৰ উপৰি পিছ পৰি ৰোৱা নাই ভাৰতীয় অধিনায়কো। এইবাৰ ৰোহিতে ছয় মাৰি গঢ়িলে নতুন অভিলেখ । দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম টি-২০ত ৰোহিতৰ বেটৰ পৰা আহিল ৩টা ছয়।

আন্তঃৰাষ্ট্ৰীয় টি-২০ত ১৫০ টা ছিক্সেৰে কৃতিত্ব অৰ্জন হিটমেনৰ। শীৰ্ষস্থানত আছে নিউজিলেণ্ডৰ দুধৰ্ষ বেটছমেন মাৰ্টিন গুপ্টিল । টি-২০ত গুপ্টিলৰ সৰ্বমুঠ ছিক্সৰ সংখ্যা হৈছে ১৬১ টা । ইয়াৰোপৰি ১০০ তকৈও অধিক ছিক্সেৰে তালিকাত আছে ক্ৰিছ গেইল (১২৪), ইয়ন মৰ্গান (১১৯), এৰন ফিঞ্চ (১১৩), এভিন লুইছ (১১০), কলিন মুনৰো (১০৭)। ইফালে, ৰোহিত শৰ্মাই অৰ্ধশতক অৰ্জন কৰি বিৰাট কোহলীক অতিক্ৰম কৰিছে। দেওবাৰে অন্তিম টি-২০ত ৩১ টা বলত ৫৬ ৰান সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই। ১১৯ খন খেলত ৩০ টা অৰ্ধশতকেৰে কোহলীকো অতিক্ৰম হিটমেন ৰোহিতৰ। অৱশ্যে, কোহলীয়ে ৯৫ খন খেল খেলিয়েই ২৯ টা অৰ্ধশতক অৰ্জন কৰিছিল। আনহাতে, পাকিস্তানৰ অধিনায়ক বাবৰ আজমো পিছ পৰি ৰোৱা নাই।তেওঁৰ নামত ২৫ টা অৰ্ধশতক আছে। ডেভিদ ৱাৰ্ণাৰে ২২ আৰু গাপ্টিলে ২১ টা অৰ্ধশতক অৰ্জন কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular